গুৱাহাটী – ছ’নী মাল্টি মিডিয়াই ক’ভিড-১৯ৰ মহামাৰীৰ বাবে অনলাইনযোগে আয়োজন কৰা SUPER VOICE OF INDIA 2020 প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডত তৃতীয় স্থান লাভ কৰিছে অসমৰ মৰিয়ণীৰ পৰিস্মিতা শৰ্মাই।
উল্লেখ্য যে মৰিয়ণীৰ জীয়ৰী পৰিস্মিতা শৰ্মাই ৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাখনত জয়ী হৈ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰতিভাৱান সংগীত শিল্পীগৰাকীয়ে পিতৃ নৃপেন শৰ্মাৰ পৰাই সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিল। উল্লেখ্য যে পৰিস্মিতাৰ স্বামী অনুৰাগ শংকৰো এগৰাকী সংগীত শিল্পী।
ভাটখাণ্ডে আৰু চণ্ডীগড়ৰ পৰা সংগীত স্নাতকোত্তৰ শিক্ষাগ্ৰহণ কৰা পৰিস্মিতাই সংগীতৰ যোগেদি পুনৰ বাৰ ৰাষ্ট্ৰীয় সংগীত জগতত অসমৰ নাম উজ্বলাবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰে পৰিস্মৃতাৰ অভিভাৱকৰ লগতে মৰিয়ণীবাসী।
উল্লেখ্য যে ছনী মাল্টি মিডিয়াৰ ফেচবুক পেজৰ যোগেদি SUPER VOICE OF INDIA 2020 শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল।