pipe line Gas service in Guwahati

গুৱাহাটী:-গুৱাহাটী বাসীয়ে অহা ছমাহৰ ভিতৰতে লাভ কৰিব ৷ পাইপ লাইনৰ জৰিয়তে ঘৰে ঘৰে গেছৰ যোগান ৷প্রথম অৱস্থাত গুৱাহাটীৰ ছয়মাইল, ভিআইপি আৰু নুনমাটি অঞ্চলৰ বাসিন্দাক ঘৰে ঘৰে গেছৰ পাইপৰ সংযোগ স্থাপন কৰি গেছ যোগান ধৰা হ’ব ৷

এই ঘোষণা ডিএনপি লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামীৰ৷ প্রতিষ্ঠানটোৰ কার্যালয়ত আয়োজিত এখন সংবাদ মেলত অধ্যক্ষ গোস্বামীয়ে এই ঘোষণা কৰে ৷ ইয়াৰ বাবে সংশ্লিষ্ট অঞ্চলসমূহত পাইপ লাইন স্থাপনৰ কাম বৰ্তমান সময়ত চলি থকা বুলিও জানিবলৈ দিয়ে ৷

DNP Press Conference

কামৰূপ (ম) জিলা আৰু কামৰূপ জিলাত ৩.২১ লাখ লোকৰ ঘৰত গেছ যোগান লক্ষ্য লৈছে বুলিও সংবাদমেলত উল্লেখ কৰে ৷ ঘৰে ঘৰে গেছ যোগান ধৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৬,০০০ কোটি টকা মোকলাই দিছে৷ পাইপ লাইনৰ জৰিয়তে ঘৰে ঘৰে গেছ যোগান ধৰাৰ বাবে ইতিমধ্যে পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেড গঠন কৰা গৈছে৷ সংবাদ মেলত অধ্যক্ষগৰাকীয়ে লগতে কয়– অইল, এনআৰএল, ডিএনপি লিমিটেডৰ যৌথ প্রচেষ্টাত গুৱাহাটী বাসীক এই গেছ যোগান কাৰ্য সম্পূৰ্ণ কৰিব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply