নতুন দিল্লী – ছমাহৰ খাদ্য সামগ্ৰী কঢ়িয়াই ৰাজধানী দিল্লীলৈ প্ৰতিবাদ কৰিবলৈ অহা পঞ্জাৱ-হাৰিয়াণাৰ কৃষকৰ আন্দোলনত কঁপিছে দেশৰ ৰাজধানী দিল্লী। ইতিমধ্যে সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে এই প্ৰতিবাদে।

কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন বলৱৎ কৰাৰ পিছৰে পৰাই দেশৰ কৃষকসকল মোদী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু সেই আইন বাতিলৰ দাবীৰে আন্দোলন চলাই আছে। বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়াণাৰ কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে অধিক সৰৱ হৈ বৃহৎ আন্দোলন চলাই আছে।

দিল্লী চলো কাৰ্যসূচী লৈ পঞ্জাৱ, হাৰিয়াণাৰ কৃষকসকল ৰাজধানী দিল্লীলৈ আহিছে প্ৰতিবাদ কৰিবলৈ। তেওঁলোকক বাধা দিবলৈ হাৰিয়াণা আৰু দিল্লী সীমান্তত আৰক্ষী প্ৰশাসনে প্ৰবল চেষ্টা চলাইছিল যদিও সফল নহ’ল প্ৰশাসন।

ইফালে কালিৰে পৰা কৃষকসকলৰ এনে এক আন্দোলনৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক দিল্লীত প্ৰতিবাদ কৰিবলৈ অনুমতি দিছে। কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক দিল্লীত প্ৰৱেশ কৰিবলৈ অনুমতি দি ৰাজধানী নিৰংকাৰী গ্ৰাউণ্ডত গণতান্ত্ৰিক আন্দোলন চলাবলৈ দিয়ে। কিন্তু কৃষকসকলে দিল্লীত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকে প্ৰকাশ কৰিছে যে তেওঁলোকে দিল্লীক ঘেৰিবলৈহে আহিছে। তেওঁলোক নিজে আবদ্ধ হ’বলৈ অহা নাই। তেওঁলোকে প্ৰকাশ কৰিছে যে প্ৰয়োজনসাপেক্ষে ঘাইপথ অবৰোধ কৰিও প্ৰতিবাদ কৰিব। যেতিয়ালৈ কৃষি আইন বাতিল নহ’ব তেতিয়ালৈ প্ৰতিবাদ অব্যাহত থাকিব। তেওঁলোকে লগত ছমাহৰ খাদ্য-সামগ্ৰী লৈ আহিছে। সেইবাবে নিশ্চিন্তমনে ছমাহলৈ প্ৰতিবাদ চলাই যাবলৈয়ো তেওঁলোক প্ৰস্তুত আছে বুলি কৃষকসকলে প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply