ডিজিটেল ডেস্ক – এইবাৰ চীনা স্মাৰ্টফোন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ছাঅ’মিৰ বতৰ এপ্পৰ পৰা নাইকিয়া হ’ল অৰুণাচল প্ৰদেশ। কেৱল সেয়াই নহয়, অৰুণাচল প্ৰদেশৰ লগতে অন্যান্য একাধিক চহৰো নাইকিয়া হৈছে এই এপ্পৰ পৰা। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে এই বিষয়ে। লাডাখ আৰু অৰুণাচল প্ৰদেশ ভাৰতৰ অংশ নহয় বুলি প্ৰতিপন্ন কৰাৰ উদ্দেশ্যেই এই পদক্ষেপ গ্ৰহণ কৰা বুলিও চৰ্চা চলিছে।

ছাঅ’মিৰ মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি এয়া এক কাৰিকৰী সমস্যাৰ বাবে হৈছে আৰু ইতিমধ্যে সেয়া ঠিক কৰা হৈছে।

এক বিবৃতিত কোম্পানীটোৱে কয়, “আমি স্পষ্ট কৰি দিবলৈ বিচাৰিছো যে আমাৰ ডিভাইচত থকা বচৰ এপ্পটোৱে একাধিক থাৰ্ড পাৰ্টিৰ পৰা তথ্যৰ উৎস গ্ৰহণ কৰে, আৰু শেহতীয়াকৈ বিভিন্ন স্থানৰ পৰা কোনোধৰণৰ তথ্য অহা নাছিল। আৰু এয়া আমাৰ এপ্লিকেশ্যনৰ এক কাৰিকৰী বিজুটিহে। আমি সদায়েই ভাৰতৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধ আৰু ভাৰতত থকা আমাৰ উপভোক্তাসকলক শ্ৰেষ্ঠতম সেৱা প্ৰদান কৰিবলৈ আমি উন্মুখ।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply