নিউজ ডেস্ক: এফালে লাডাখত চলি থকা চীন–ভাৰতৰ সেনাৰ যুদ্ধংদেহি মনোভাব লৈ নবমলানী আলোচনা সামৰণি পৰাৰ সময়তে ছিকিমৰ নাকু লা অঞ্চলত দুয়োখন দেশৰ সেনাৰ মাজত শাৰীৰিক বিবাদ হোৱাৰ খবৰ | যোৱা সপ্তাহত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) কাষত এই শাৰীৰিক বিবাদত জড়িত হয় ভাৰত আৰু চীনৰ সেনা। এই বিবাদত দুয়োপক্ষৰ সৈনিকসকল আহত হোৱাৰ খবৰ আহিছে। এই ঘটনাত ২০ জন চীনা সৈন্য আহত হোৱাৰ খবৰ ।
উল্লেখ্য যে এল এ চি অতিক্রম কৰি চীনা সেনাই আগ্রাসন চলাবলৈ বিগত কেইবামাহ ধৰি চেষ্টা চলাই থকাৰ সময়তে যোৱা ৪ জানুৱাৰীত পেংগং হ্ৰদৰ দক্ষিণৰ সীমাৰেখা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা সৈন্যজনক ভাৰতীয় সেনাই গ্ৰেপ্তাৰ কৰিছিল। চীনা প্ৰশাসনে আন্ধাৰৰ বাবে সেনাজনে ভাৰতত প্ৰৱেশ কৰা বুলি উল্লেখ কৰি ভাৰতীয় প্ৰশাসনক সেনাজনক ওভতাই দিবলৈ অনুৰোধ কৰিছিল। পাছত ভাৰতীয় সেনাই উভতাই দিছিল চীনা সেনাজনক। সেনা সুত্ৰই দুয়োপক্ষৰ মাজত ২০ জানুৱাৰীত সংঘাত হোৱাৰ কথা প্ৰকাশ কৰিছে |