গুৱাহাটী– মে’ মাহৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ ছেবাৰ পাঠ্যক্ৰমত অৱতীৰ্ণ হ’ব ৪,৩৯,৩০৩ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰ পূৰ্বে ২০১৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩,৮৬,৭৮৩ গৰাকী ছাত্ৰ-ছাত্ৰী।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছেবাৰ ইতিহাসত প্ৰথমবাৰলৈ এই অভিলেখ। ২০২১ৰ এই অভিলেখক লৈ যথেষ্ট উৎফুল্লিত ছেবা কৰ্তৃপক্ষ। ১১মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত পৰীক্ষাৰ পূৰ্বে সকলো পৰীক্ষাৰ্থীলৈ অভিনন্দন ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ।
পূৰ্বে ৰাজ্যত থকা ৮৬০টা পৰীক্ষাকেন্দ্ৰৰ লগত এইবাৰ নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে ১৯ টা পৰীক্ষা কেন্দ্ৰ। পৰীক্ষাৰ এডমিটকে ধৰি পৰীক্ষা সম্বন্ধীয় সকলো কামেই হ’ব অনলাইন প্ৰক্ৰিয়াৰ মাজেৰে। পৰীক্ষাৰ সময়ত উপস্থিত-অনুপস্থিত তথা পৰীক্ষাৰ পৰা বহিষ্কৃত ছাত্ৰ-ছাত্ৰীৰ ৰোল নম্বৰো সংগ্ৰহ কৰা হ’ব অনলাইন প্ৰক্ৰিয়াৰ মাজেৰে। আনহাতে প্ৰেক্টিকেল পৰীক্ষাসমূহ মাৰ্চমাহত আৰম্ভ হোৱাৰ কথা জনাই পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই।
তেওঁ লগতে জনাই যে অসমত মুঠ মূল্যায়ন কেন্দ্ৰৰ সংখ্যা ৩৯টা। প্ৰতিটো কেন্দ্ৰতেই চাৰিজনকৈ কম্পিউটাৰ এক্সপাৰ্ট নিয়োগ কৰিব ছেবাই। নতুনকৈ আৰম্ভ কৰা এক ছফ্টৱেৰত System Generated Mark Fileৰ সংযোজন ছেবাৰ। এই ছফ্টৱেৰৰ জৰিয়তে কম সময়ৰ ভিতৰত পৰীক্ষাৰ ফলাফল লাভৰ লগতে পৰীক্ষা বহীৰ সঠিক মূল্যায়নত সহায়ক হ’ব বুলিও উল্লেখ কৰে নয়নজ্যোতি শৰ্মাই।
উল্লেখ্য় যে কোভিডৰ বাবে বিদ্যালয়সমূহৰ পাঠদান বন্ধ হৈ থকাৰ বাবে এইবাৰ পূৰ্বতকৈ ৩০ শতাংশ হ্ৰাস কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰম।