ছ্যু কীৰ মুক্তিৰ দাবীত বিক্ষোভত উত্তাল ম্যানমাৰ

নিউজ ডেস্ক: ম্যানমাৰৰ সামৰিক অভ্যুত্থানৰ পিছতে দেশখনত বিক্ষোভ আৰম্ভ হৈছে ৷ দেশখনৰ সামৰিক শাসকে বিক্ষোভ নিয়ন্ত্রণ কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল যদিও বৃহত্তম মহানগৰ য়াংগুনত আজিও হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্রতিবাদ৷ দেশখনৰ নেত্রী আং ছান ছ্যু কীসহ এন এল ডি দলৰ সকলো সাংসদ তথা মন্ত্রীক শীঘ্রে মুক্তি দিয়াৰ দাবী জনাইছে প্রতিবাদী জনসাধাৰণে৷

গণতান্ত্ৰিক ভাবে নিৰ্বাচিত চৰকাৰ এখনক বলপূৰ্বক অপসাৰিত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নি ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ লোক।

ম্যানমাৰৰ প্ৰধান চহৰ য়াংগুনৰ ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীসকলে সেনাই আটক কৰি ৰখা গণতন্ত্ৰকামী নেত্ৰী আং চান ছ্যুকীৰ মুক্তি দাবী কৰাৰ লগতে দেশত খনত পুনৰ গণতন্ত্ৰৰ শাসন প্ৰতিষ্ঠাৰ দাবী জনায়। সামৰিক সাসকৰ বাধা নেওঁচি ৰাজপথলৈ ওলাই অহা জনতাক বাধা দিবলৈ সেনাই শক্তি প্ৰয়োগ কৰিও বিফল হ’বলগীয়া হয়।

ছ্যু কীৰ মুক্তিৰ দাবীত বিক্ষোভত উত্তাল ম্যানমাৰ

ৰাজপথেৰে গৈ থকা বাহন সমূহেও হৰ্ণ বজাই প্ৰতিবাদকাৰীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰা দেখা যায়। উল্লেখ্য ২০০৭ চনত ম্যানমাৰৰ বৌদ্ধ ভিক্ষুসকলৰ নেতৃত্বত সংগঠিত হোৱা গেৰুৱা বিপ্লৱৰ পিছত পুনৰ অভিলেখ সংখ্যক লোকে ৰাজপথলৈ ওলাই আহি সামৰিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে।

প্ৰতিবাদকাৰীসকলে সমদল কৰি ছুলে পেগ’ডা অভিমুখে যাত্ৰা কৰে যদিও সেনা অথবা আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ সাহস গোটাব নোৱাৰিলে। উল্লেখ্য যোৱা ১ ফেব্ৰুৱাৰীত সামৰিক শাসকে ম্যানমাৰত বলপূৰ্বক ক্ষমতা হস্তগত কৰি এবছৰৰ বাবে জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছিল।

সামৰিক শাসকে দেশ খনৰ পৰা সকলো বিমানৰ উৰণ তথা বাহিৰৰ পৰা অহা বিমানৰ অৱতৰণত নিষেধোজ্ঞা জাৰি কৰিছে। চলিত বৰ্ষৰ ৩১ মে’ পৰ্যন্ত বসকলো বিমানৰ উৰণ তথা অৱতৰণত নিষেধাজ্ঞা জাৰি কৰিছে।

এনে পৰিস্থিতিত ক্ৰমাৎ ৰাজনৈতিক অস্থিৰতা অধিক ঘনীভূত হৈ পৰা দেশ খনত বাস কৰা কোনো বিদেশী লোকেই বিমানেৰে তেওঁলোকৰ স্বদেশলৈ উভতি আহিব নোৱাৰিব।

উল্লেখ্য ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা ম্যানমাৰৰ প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী মিং আন লাইয়িঙৰ নেতৃত্বত সেনাই দেশ খনৰ শাসন হস্তগত কৰিছে আৰু দেশখনৰ ৰাষ্ট্ৰপতি ইউ উইন মিন্ত তথা আং চান ছ্যুকীক আটক কৰি ৰাখিছে। আন্তৰাষ্ট্ৰীয় মহলত সেনাৰ ভুমিকাক লৈ তীব্ৰ সমালোচনা কৰিছে | ৰাষ্ট্ৰসংঘই ম্যানমাৰত পুনৰ গণতন্ত্ৰ বাহাল ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply