ছয়গাওঁ– ছয়গাঁৱত ড্ৰাগছ সৰবৰাহকাৰী আটক। বুধবাৰে পুৱতি নিশা ছয়গাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত গৰৈমাৰীৰ মহাবীৰ পথাৰৰ পৰা আৰক্ষীয়ে ড্ৰাগছ সহ এজন লোকক আটক কৰে ৷ আটক কৰা লোকজন মহাবীৰ পথাৰৰ নজমুল হক ৷
জানিব পৰামতে গোপন সূত্ৰত লাভ কৰা এক তথ্যৰ ভিত্তিত ছয়গাঁও আৰক্ষীয়ে পুৱতি নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত মহাবীৰ পথাৰত এক অভিযান চলায়৷ এই অভিযানত ড্ৰাগছ বিক্ৰী কৰিবলৈ নজমুল হকৰ পৰা ৫৬ গ্ৰাম ড্ৰাগছৰ লগতে ১৩ টা কণ্টেনাৰ আৰু এটা মবাইল জব্দ কৰে ৷ দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত নজমুল হকে ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷