ছয়গাওঁ– ছয়গাঁৱৰ আলুখুন্দা পাহাৰত ৰে’ল বিভাগৰ এটি ঠিকাদাৰে প্ৰতিষ্ঠানে অবৈধভাৱে মাটি খান্দি থকাৰ বিষয়ে জানিব পাৰি বৃহস্পতি বাৰে বিয়লি বন বিভাগে অভিযান চলাই মাটি খান্দি থকা অৱস্থাত এখন ফকলেণ্ড জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগে জানিবলৈ দিয়ামতে দক্ষিণ পাৰৰে নিৰ্মাণ কৰি থকা দ্বিতীয়তো ৰে’ল পথত বিভাগীয় ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে মাটি পূৰণ কৰাৰ নামত আলুখুন্দাৰ পাহাৰ খান্দি মাটি নি থকাৰ খবৰ লাভ কৰি আজি বন বিভাগৰ দল এটাই অভিযান চলায় ৷
পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া ৰঞ্জন গোস্বামীৰ নিৰ্দেশত আজি বিয়লি কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ নেতৃত্বত চলোৱা অভিযানত আলুখুন্দা পাহাৰত মাটি খান্দি থকা অৱস্থাত পকলেণ্ডখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে বন বিভাগৰ দলটো তাত উপস্থিত হোৱাৰ সময়তেই পকলেণ্ডখনৰ চালকজন পলায়ন কৰে ৷
আনহাতে তাত মাটি ভৰাই থকা তিনিখন ডাম্পাৰো বন বিভাগৰ দলটো উপস্থিত হোৱাৰ লগে লগে পলায়ন কৰে ৷ জানিব পৰামতে দক্ষিণ পাৰেৰে নিৰ্মাণ কৰি থকা দ্বিতীয়তে ৰে’ল পথৰ মাটি পূৰণৰ ঠিকা লাভ কৰা এন চি দাস নামৰ কোম্পানীটোৱে কোনো চালান বা বিভাগীয় অনুমতি নোলোৱাকৈ বন বিভাগৰ অধীনৰ আলুখুন্দা পাহাৰৰ পৰা মাটি খান্দি ৰে’ল পথত পেলাই আছিল ৷
ৰে’ল বিভাগৰ এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে এনেদৰে অবৈধভাৱে পাহাৰ কাটি ধ্বংস কৰা কাৰ্যত অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী সকল ক্ষুদ্ধ হৈ পৰিছে ৷ প্ৰকৃতিপ্ৰেমী সকলে অবৈধভাৱে পাহাৰ কটা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷