ছয়গাঁও: ৰাজ্যজুৰি কংগ্ৰেছে ৰূপায়ণ কৰি অহা “অসম বচাওঁ আহক” কাৰ্যসূচীৰ অংশ হিচাপে আজি ছয়গাঁও সমষ্টিত ৰূপায়ণ কৰা হয় এক দীঘলীয়া কাৰ্যসূচী ৷ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত ছয়গাঁৱৰ বিভিন্ন স্থানত আজি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন জনক লগ কৰাৰ লগতে ছয়গাঁৱৰ ৰাজীৱ ভৱনত এখন সভাও অনুষ্ঠিত কৰা হয় ।
দুয়োজন নেতাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মানস বৰা উপস্থিত থকা কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে প্ৰথমে ছয়গাঁও বিধান সভা সমষ্টিৰ বামুণীগাঁওস্থিত বৃদ্ধাশ্ৰমলৈ গৈ বৃদ্ধাসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হৈ কা ৰ বিৰোধীতা কৰাৰ বিষয়ে অৱগত কৰে । পিছত কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে বৃদ্ধা সকলৰ সৈতে একে লগে খাদ্য গ্ৰহণ কৰে ।
ইয়াৰ পিছতে ছয়গাঁও ৰাজীৱ ভৱনলৈ আহি দলীয় সভাত অংশগ্ৰহণ কৰি প্ৰতিনিধি দলটোৱে কা কোনোপধ্যেই নামানো বুলি কোৱাৰ লগতে শাসকীয় চৰকাৰ তথা বিজেপি দলটোক তীব্ৰ ভাষাৰে সমালোচনা কৰে । সভাত ৰকিবুল হুছেইনে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হেলিকপ্তাৰ ঘূৰোৱাৰ নামত ৰাইজৰ ধন শৰাধ কৰা বুলি তীব্ৰ সমালোচনা কৰে ৷ আনহাতে কংগ্ৰেছৰ দিনটোতকৈ বিজেপিৰ শাসনত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি হোবা বুলি কৈ এইবোৰৰ পৰা ৰাইজক উদ্বাৰ কৰাৰ বাবে কংগ্ৰেছ দলটোৱে ৰাইজৰ মাজলৈ আহিছে বুলি তেওঁ প্ৰকাশ কৰে ৷
বিজেপি দলে দুখীয়া ৰাইজক টিটু ছেপি শাসন কৰিব বিচৰা বুলি কৈ এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ নিশ্চিত বুলিও তেওঁ প্ৰকাশ কৰে ৷ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি মন্তব্য কৰি তেওঁ ৰেকিবুদ্দিনৰ ভয়ত আন নেতা সকল পলাই পত্ৰং দিয়ে বুলিও কয় ৷ সভাত ভাষণ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ছয়গাঁও সমষ্টিৰ সকলো মানুহ তেওঁৰ বুলি কৈ এইবাৰৰ নিৰ্বাচনত তেওঁ লক্ষাধিক ভোট লাভ কৰি জয়ী হ’ব বুলিও মন্তব্য কৰে ৷ সভাৰ পিছত তথা সন্ধিয়া প্ৰতিনিধি দলটোৱে কা আন্দোলনৰ শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহলৈ গৈ পৰিয়ালৰ সৈতেও কথা পাতে ।