গুৱাহাটী: মহানগৰীৰ ছয়মাইল অঞ্চলৰ ৰাজপথত নিশাৰ কাজিয়া ভাঙিবলৈ গৈ দুর্বৃত্তৰ আক্ৰমনত প্রাণ হেৰুওৱা নবীন গগৈৰ হত্যাকাৰীক গ্রেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ নিশা ৰড আৰু চোকা অস্ত্রৰে মূৰত মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰা গগৈৰ হত্যাকাৰীক ঘটনাৰ তিনি দিনৰ পাছতো আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই | শেহতীয়াকৈ চাৰিজন যুৱকক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ অৱশ্যে গোচৰৰ তদন্তৰ খাতিৰত আৰক্ষীয়ে আটকাধীন যুৱককেইজনৰ পৰিচয় প্রকাশ কৰাৰ পৰা বিৰত আছে৷
উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে নিশা প্রায় ১১.৪৫ বজাত ছয়মাইল উৰণীয়া সেতুৰ সমীপৰ ডিএছ ডি বাৰৰ সন্মুখত দুই ফৈদৰ মাজত চলিছিল কাজিয়া ৷ দুয়োপক্ষৰ আক্রমণ–প্রত্যাক্রম হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে গৃহাভিমুখী নবীন গগৈ নামৰ লোকজনে নিজৰ দুচকীয়া বাহনখন পথৰ দাঁতিত ৰখাই কাজিয়া ভাঙিবলৈ যায়৷ এনেতে কেইজনমান অচিনাক্ত যুৱকে ৰড আৰু চোকা অস্ত্রৰে গগৈৰ মূৰত প্রহাৰ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয়৷ কিছুসময় পাছত ঘটনাস্থলীত দিছপুৰ থানাৰ টহলদাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ আহত গগৈক জিএনআৰচি হাস্পতালত ভর্তি কৰোৱাই ৷ হাস্পতালত চিকিৎসাধীন অৱস্থাতে গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে৷
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পূর্বেই আক্রমণকাৰীৰ দলটোৱে পলায়ন কৰে৷ ঘটনা সন্দর্ভত মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোকে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷