জোনাই- জোনাইত পোন প্ৰথম বাৰ বাবে ভাৰত চৰকাৰৰ জনজাতি মন্ত্ৰণালয়ৰ উদ্যোগত আৰু ৰয়েল ৰাইড্ৰাছৰ সহযোগত জোনাই শিশু উদ্যানত অনুষ্ঠিত জনজাতি সকলৰ মহোৎসৱ সফল সামৰণি পৰে৷
তিনিদিনীয়া জনজাতি মহোৎসৱত মিচিং, সোনোৱাল কছাৰী , দেউৰী, হাজং জনগোষ্ঠীৰ নৃত্যই মুখৰিত কৰি তোলে | স্থানীয় মিচিং , সোনোৱাল কছাৰী, দেউৰী, হাজং আৰু বড়ো জনগোষ্ঠীয়ৰ লোক কৃষ্টি আৰু সংস্কৃতিৰ অৱধান আগ বঢ়োৱা ৭ জন কলা কুশলী সম্বৰ্ধনা জনোৱা হয়৷
শেষৰ দিনা কাৰ্যসূচীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য নৰেশ কুম্বাঙে পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা শুভাৰম্ভ কৰে |
অসমৰ সাতাপুৰুষীয়া কৃষ্টি সংস্কৃতিক ধৰি ৰখাৰ ক্ষেত্ৰত অসমৰ জনজাতি সকলৰ ভূমিকা অপৰিসীম৷ ভাৰত চৰকাৰৰ জনজাতি মন্ত্ৰণালয়ৰ উদ্যোগত উদযাপন কৰা জনজাতি মহোৎসৱে জনজাতি সকলৰ নিজস্ব ভাষা সাংস্কৃতি পৰম্পৰাই হৈছে মূল চানেকি৷ আমি অতিকৈ আনন্দিত অঞ্চলবাসী |
অসম অৰুণাচল সীমান্তবৰ্তী জোনাইত জনজাতি সকলক একত্ৰিত কৰি জনজাতি সকলৰ সংস্কৃতি ধৰি ৰখাৰ উদ্দেশ্যৰে আয়োজন কৰা জনজাতি মহোৎসৱে নতুন যুগৰ সুচনা কৰিব বুলি আশা কৰে স্থানীয় ৰাইজে |