নিউজ ডেক্স:- আজি জাতিয়ে যেন পাহৰিলে বীৰ পুৰুষক! সকলোৱে পালন কৰিলে পহিলা জানুৱাৰী | চৰকাৰ ব্যস্ত থাকিলে নিজৰ গুণগৰিমা প্ৰকাশত | যোৱা চাৰে চাৰিবছৰত কৰা কামৰ খাতিয়ান দিয়াতেই যেন ব্যস্ত চৰকাৰ | ৰাইজ ব্যস্ত থাকিল বনভোজ, ৰং ৰইচত | পাৰ হৈ যোৱা বৰ্ষত ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে সকলোৱে যোৱা বৰ্ষটোত একোৱেই মুকলি ভাবে উদযাপন কৰিব নোৱাৰাৰ বাবে নতুন বছৰ প্ৰথম দিনটোত যেন সকলো মুকলি হৈ ওলাই আহিল |তাৰ মাজত সেইদিনটো উদযাপন কৰি অহা জনতাৰ দিনৰ কথা যেন সকলোৱে পাহৰি গ’ল | কি ৰজাঘৰ কি প্ৰজাঘৰ, তথাকথিত জাতীয় সংগঠন অথবা সচেতন শিক্ষিত সমাজ, কাৰো আহৰি নহ’ল শৰত্ চন্দ্ৰ সিংহৰ জন্মবাৰ্ষিকীত স্মৰণ কৰাৰ। পহিলা জানুৱাৰীৰ জন্মবাৰ্ষিকীয়ে হওক অথবা ২৫ ডিচেম্বৰৰ মৃত্যুবাৰ্ষিকীৰ দিনেই হওক সকলোৱে যেন পাহৰিলে মহান অসমীয়া জনক | যি জন অসমীয়াই অসমৰ বাবেই জীৱনটো উৎসৰ্গা কৰিলে সেইজনক আমি পাহৰি পেলালো |
যেন চিৰাচৰিত ঘটনাপ্ৰবাহ জনতাৰ মুখ্যমন্ত্ৰীৰ ওপজা দিনত জনতা ভৱনত প্ৰজ্বলিত নহ’ল অসমীয়াৰ একান্ত সাধকৰ শৌৰ্য-বীৰ্য।
বৰদিনৰ ধামখুমীয়া অথবা বাজপেয়ীৰ ওপজা দিন উদযাপনৰ উছাহ, আনফালে পহিলা জানুৱাৰীত নৱবৰ্ষ উদযাপন, বিদায়ী বৰ্ষক বিদায়ৰ উছাহত যেন উটি-ভাঁহি যায় বীৰপুৰুষৰ অৱদান, সংগ্ৰামী সত্তা, ৰাইজলৈ আগবঢ়োৱা বৰঙণি। ২০০১ চনৰ পৰা জনতাৰ দিন উদযাপনৰ সিদ্ধান্ত হ’লেও নিয়মমাফিক দুই অথবা তিনিটা স্থানতহে জ্বলি আহিছে এগছি বন্তি অথবা মাল্যাৰ্পণ।

শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰ কৰা, ৰাজ্যত সৰ্বত্ৰে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে হোৱা ১৯৭২ চনৰ ভাষা আন্দোলন নিয়ন্ত্ৰণ কৰা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা, বঙাইগাঁও তেল শোধানাগাৰ অথবা অশোক কাগজ কল স্থাপনত লোৱা ভূমিকাৰ কথা এতিয়া যেন মূল্যহীন! ক্ষমতাৰ বিকেন্দ্ৰীকৰণত অটল বিশ্বাসী সিংহই জাতি-জনজাতিৰ বিকাশৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থাৰ পোষকতা কৰাৰ বাবেই আজিৰ জাতি-জনজাতিসমূহে সবল দিশেৰে আগবাঢ়িছে | কিন্তু সেইজন অসমীয়াৰ কথা ভাবিবলৈ কাৰো সময় নাই | শৰৎ সিংহৰ নামত নিৰ্মাণ কৰা সাংস্কৃতিক কেন্দ্ৰৰ অবস্থাও তথৈবছ | গুণীৰ মোল বুজা লোকৰ সংখ্যাও দিনক দিনে কমিবলৈ লৈছে | এনে সময়ত ৰাইজৰ হৈ কাম কৰা লোকৰ অভাৱ বুলি চিঞৰি থকা সকলে এইটোও বুজি উঠা দৰকাৰ | যি এজন দুজন ব্যক্তিয়ে এই কামত নিজৰ জীৱন উৎসৰ্গা কৰিছে তেওলোককো উপযুক্ত সন্মান দিয়াতো আমাৰেই দায়িত্ব |