নিউজ ডেস্ক- ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী MDHৰ স্বত্বাধিকাৰী ‘মহাশয়’ ধৰমপাল গুলাটীৰ দেহাৱসান। কিছু দিনৰ পূৰ্বে অসুস্থ হৈ থকাৰ বাবে হাস্পতালত ভৰ্তি কৰিছিল মহাশয়জীক । বৃহস্পতি বাৰে পুৱা ৫বাজি ৩৮ মিনিটত ৰোগত হৃদৰোগত আক্ৰান্ত হৈ মৃত্য়ু বৰণ কৰে ধৰমপাল গুলাটীয়ে। মৃত্য়ুৰ সময়ত গুলাটীৰ বয়স আছিল ৯৮ বছৰ।
কৰোল বাগৰ পৰা আৰম্ভ কৰা এই এম ডি এইছ মছলাৰ প্ৰতিষ্ঠানটো ভাৰতৰ জনপ্ৰিয় তথা শীৰ্ষ মছলা প্ৰস্তুতকৰণ প্ৰতিষ্ঠান। এই কোম্পানীটোৰ জৰিয়তে গুলাটীয়ে ভাৰতীয় মছলাক দেশ-বিদেশত পৰিচয় কৰাবলৈ সক্ষম হৈছে।

ধৰমপাল গুলাটীৰ জন্ম ২৭মাৰ্চত ১৯২৩ চনত পাকিস্তানৰ শিয়ালকটাত হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত তেওঁলোক ভাৰতলৈ গুচি আহে। ভাৰতলৈ আহি তেওঁ পৰিয়াল ভৰণ-পোষণৰ বাবে টাংগা চলাবলৈ আৰম্ভ কৰে। তাৰ পিছতেই দিল্লী কৰোলবাগস্থিত আজমল খাঁ ৰোডত এখন মছলাৰ দোকান আৰম্ভ কৰে।
লাহে লাহে তেওঁৰ ব্য়ৱসায় বিদেশলৈয়ো প্ৰসাৰিত হ’ব ধৰিলে। বৰ্তমান ভাৰত আৰু ডুবাইত এম ডি এইছ মছলাৰ মুঠ ১৮ টা ফেক্টৰী আছে। ধৰমপাল গুলাটী এম ডি এইছ কোম্পানীৰ মুখ্য় কাৰ্যবাহী বিষয়াও আছিল। তেওঁৰ মাহিলী দৰমহা আছিল ২৫ কোটি টকা।
ধৰমপাল গুলাটীক ভাৰতীয় টেলিভিছনৰ বিজ্ঞাপনৰ বৰ্ষীয়ান ‘বিজ্ঞাপন ষ্টাৰ’ হিচাপে জনা যায়। তেখেতে এম ডি এইছ মছলাৰ বিজ্ঞাপনত নিজেই ভুমুকি মাৰিছিল।
ধৰমপাল গুলাটীয়ে নিজৰ দৰমহাৰ ৯০ শতাংশ বিভিন্ন ক্ষেত্ৰত দান হিচাপে আগবঢ়াইছিল। তেখেতে ২০খন বিদ্য়ালয় আৰু ১খন হস্পিতালতো মাহিলী দৰমহা দান কৰি আহিছিল। ধৰমপাল গুলাটীৰ মৃত্য়ুত বহুলোকে শোকব্য়ক্ত কৰি টুইটাৰত টুইট কৰিছে।