নিউজ ডেস্ক- পুনৰ জম্মু-কাশ্মীৰত শ্বহীদ হয় অসমৰ জোৱান। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ গাণ্ডেৰৱালত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণত নিহত হয় চি আৰ পি এফৰ জোৱান অসমৰ মৃত্যুঞ্জয় চেতিয়াৰ। নিহত মৃত্যুঞ্জয় চেতিয়াৰ ঘৰ অসমৰ ধেমাজি চিচিবৰগাৱঁত।
পঢ়া-শুনাতো অত্য়ন্ত মেধাৱী আছিল মৃত্যুঞ্জয়। মৰিধল মহাবিদ্য়ালয়ৰ পৰা ২০১৭ বৰ্ষত পদাৰ্থ বিজ্ঞানত বিষয়ত অনাৰ্চসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল মৃত্যুঞ্জয়ে।এজন অসামৰিক বিষয়া হোৱাৰ লক্ষ্য় আছিল মৃত্যুঞ্জয়ৰ। কিন্তু আৰ্থিক দুৰাৱস্থাৰ কাৰণে সকলো সপোন বুকুত সামৰি মৃত্যুঞ্জয়ে যোগদান কৰিছিল চি আৰ পি এফত।
CRPF jawan from Assam Mrityunjoy Chutia exhibited exemplary valour and made supreme sacrifice while serving the nation in Jammu & Kashmir.
Praying for eternal peace of the departed soul, I offer deepest condolences to the bereaved family. We stand shoulder to shoulder with them.
— Sarbananda Sonowal (@sarbanandsonwal) December 25, 2020
জোৱানগৰাকীৰ মৃত্য়ুত টুইটযোগে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ সমবেদনা জ্ঞাপন কৰে।
মৃত্যুঞ্জয় চেতিয়া সুৰক্ষা বাহিনীৰ ১১৫ বেটেলিয়নত কনিষ্ঠবল হিচাপে কৰ্মৰত আছিল। সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা গ্ৰেণেড বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মৃত্যুঞ্জয়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। মৃত্যুঞ্জয় চেতিয়াৰ লগতে আন দুজন চি আৰ পি এফ জোৱানৰো মৃত্যু হয়।