জালুকবাৰীত জব্দ সোণ, দুজনক আটক

গুৱাহাটী-মহানগৰীৰ মালিগাঁৱত অপৰাধ শাখাৰ আৰু জালুকবাৰী আৰক্ষীৰ অভিযান চলাই জব্দ কৰে সোণ |

এই অভিযানত জব্দ কৰে ৪৯৮ গ্ৰামৰ সোণৰ বিস্কুট সৈতে দুজন যুৱক। ফাঁচী বজাৰৰ পৰা ঢেকীয়াজুলি লৈ গৈ থকা অৱস্থাত জালত পৰে তাপশ পাল আৰু ফ্ৰজুল হক।

এ এছ১২ ভি ৫২৭৮ নম্বৰৰ বেলেনো বাহন লৈ আহিছিল দুই সৰবৰাহকাৰী। জব্দকৃত সোণৰ বিস্কুটৰ মূল্য প্ৰায় ২৫ লাখ টকা। সৰবৰাহকাৰী দুজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply