গুৱাহাটী -আন্তগাঁথনি উন্নয়নৰ কথা চিন্তা নকৰাকৈ গুৱাহাটী পৌৰ নিগমে অত্যধিক ভাৰা বৃদ্ধি কৰাক লৈ ব্যবসায়ীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে | জিএমচিৰ অধীনস্থ ১২খন বজাৰৰ আন্তগাঁথনিৰ উন্নয়ন নোহোৱাকৈ ইয়াৰ সৈতে জড়িত ব্যবসায়ীসকলৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ বজাৰসমূহৰ ঘৰভাৰা বৃদ্ধি কৰাক লৈ ক্ষোভ প্রকাশ কৰিছে ব্যৱসায়ীসকলে৷ শুকুৰবাৰে অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত গুৱাহাটী পৌৰ নিগম বজাৰ কেন্দ্রীয় সমিতিৰ সভাপতি পৱিত্র কুমাৰ শর্মাই পৌৰ নিগমে নির্ধাৰণ কৰা বর্ধিত নিৰিখ কোনো কাৰণতে নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে৷

পৌৰ নিগমৰ অধীনস্থ ১২খন বজাৰত ব্যৱসায় কৰি অহা ব্যৱসায়ীসকলে যোৱা সময়ছোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও কৰ্তৃপক্ষৰ কোনো গুৰুত্ব নাই , ইয়াৰ বিপৰীতে প্রতি বর্গফুটত ৫ টকাৰ পৰা ৩৫ টকা পর্যন্ত ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে |

উল্লেখ্য যে পৌৰ নিগমৰ ফালৰ পৰা শেহতীয়াকৈ বিভিন্ন অঞ্চলৰ ব্যবসায়িক প্ৰতিষ্ঠানৰ প্ৰতি বৰ্গফুটত ভাড়া বৃদ্ধিৰ তালিকা মতে দিছপুৰ ছুপাৰ মার্কেট পূর্বৰ ৩ টকাৰ পৰিৱর্তে নতুন নিৰিখ ২০ টকা কৰিছে | গণেশগুৰি বজাৰত ৫ টকাৰ পৰিৱর্তে নতুন নিৰিখ ২০ টকা , উলুবাৰী বজাৰত ৫ টকাৰ পৰিৱর্তে ১০ টকা , পল্টন বজাৰত ৪ টকাৰ পৰিৱর্তে ২০ টকা , ফাচীবজাৰত ১০ টকাৰ পৰিৱর্তে ৩৮ টকা উজানবজাৰত ৩.৫০ টকাৰ পৰিৱর্তে ১২ টকা চানমাৰি উৰণীয়া সেতুৰ তলৰ বজাৰত পূর্বৰ ৪ টকাৰ পৰিৱর্তে ১২ টকা ধার্য কৰিছে৷

ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে যোৱা সময়চোৱাত অধিকাংশ ব্যবসায়ীৰ অৱস্থা অতিকে দুখলগা এনে অৱস্থাত ভাড়া বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে সমস্যাৰ সন্মুখীন হৈছে৷ ইতিমধ্যে পৌৰ নিগম কর্তৃপক্ষই নতুন নিৰিখত ভাৰা আদায় নিদিয়াৰ অভিযোগত ফাচীবজাৰত দুখনকৈ দোকানত ইতিমধ্যে তলা ওলোমাইছে৷

নিগমৰ ফালৰ পৰা ব্যৱসায়ীসকলক ট্রেড লাইচেন্স কর্তনকে ধৰি বিভিন্ন ধৰণৰ ভয়–ভাবুকি প্রদান কৰাৰো অভিযোগ তোলে ব্যবসায়ী সকলে | সংবাদ মেলত পৌৰ নিগম কর্তৃপক্ষই প্রতি তিনি বছৰৰ মূৰে মূৰে ১০ শতাংশ ভাৰা বৃদ্ধি কৰিলে ব্যৱসায়ীসকলৰ কোনো আপত্তি কৰিবলগীয়া নাই বুলিও স্পষ্ট কৰি দিয়ে৷ কিন্তু কোনো পৰিকল্পনা নোহোৱাকৈ যেতিয়াই তেতিয়াই ভাড়া বৃদ্ধি কৰি থকা কাৰ্যৰ হে বিৰোধীতা কৰে ব্যৱসায়ীসকলে বুলি কয় ব্যবসায়ী অৰূপ চৌধুৰীয়ে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply