কোকৰাঝাৰ- বিটিচিৰ শপত গ্ৰহণ অনুষ্ঠানত নিজৰ বক্তব্যৰ মাজতে জিভা পিছলিল নতুন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। নিজৰ ভাষণত বিজেপি নেতৃত্বাধীন চৰকাৰক প্ৰশংসা কৰিবলৈ গৈ এই ভুলটো কৰি পেলালে প্ৰমোদ বড়োৱে |

মঞ্চৰ উপবিষ্ট সকলক সম্বোধন কৰি প্ৰমোদ বড়োৱে আৰম্ভ কৰিলে বক্তব্য। বিজেপিক প্ৰশংসা কৰাৰ লগতে আগন্তুক কাৰ্যপন্থাৰ সন্দৰ্ভত ৰাইজক অৱগত কৰি থকাৰ মাজতে লাগিল অথন্তৰ। নেতাগৰাকীয়ে মঞ্চত উপৱিষ্ট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ সম্বোধন কৰিলে মুখ্যমন্ত্ৰী বুলি। লগে লগে এই ভাইৰেল হৈ পৰিল নতুন বিটিচি চীফৰ ভাষণৰ দৃশ্য।