গুৱাহাটী – জীৱন আৰু মৃত্যুৰ মাজত জীৱনক বাছি ল’লে আলফা (স্বাধীন)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই। বাংলাদেশ সীমান্তত কি পৰিস্থিতিত আত্মসমৰ্পণৰ পথ বাছি ল’লে দৃষ্টি ৰাজখোৱাই ? আত্মসমৰ্পণৰ পূৰ্বে কি কথা হৈছিলে পৰেশ বৰুৱাৰ লগত দৃষ্টি ৰাজখোৱাৰ ?

প্ৰায় তিনিটা দশক অসম আৰক্ষীৰ মূৰৰ কামোৰণী হৈ থকা আলফা (স্বাধীন)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই কিছুদিন পূৰ্বে আত্মসমৰ্পণ কৰে অসম আৰক্ষীৰ ওচৰত। কিন্তু কি পৰিস্থিতিত আত্মসমৰ্পণ কৰিলে আলফা (স্বাধীন) উপমুখ্য সেনাধ্যক্ষ গৰাকীয়ে এই সম্পৰ্কে আজি মুখ খুলিলে দৃষ্টি ৰাজখোৱাই।

আলফা (স্বাধীন)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ সন্মুখত আছিল দুটা পথ। এটা পথ যি তেওঁক মৃত্যুৰ দিশে লৈ যায় আৰু আন এটা পথ য’ত জীয়াই থাকিবলৈ হ’লে আত্মসমৰ্পণ কৰিব লাগিব। এনে এক পৰিস্থিতিৰ মাজত দৃষ্টি ৰাজখোৱাৰ কথা হৈছিল আলফা (স্বাধীন)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাৰ লগত।

আলফা (স্বাধীন)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাই সেই সময়ত দৃষ্টি ৰাজখোৱাক আত্মহত্যাৰ পৰিবৰ্তে আত্মসমৰ্পণ কৰাৰ উপদেশ দিছিল। সেই কঠিন পৰিস্থিতিত দৃষ্টি ৰাজখোৱাই তেওঁৰ সতীৰ্থ সকলৰ লগতো আলোচনা কৰিছিল আৰু আত্মসমৰ্পণৰ বাবে আগুৱাই আহিছিল বুলি জানিবলৈ দিয়ে আলফা (স্বাধীন)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই।

অসম আৰক্ষীৰ আগত কিছুদিন পূৰ্বে আত্মসমৰ্পণ কৰা আলফা (স্বাধীন)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই আজি আনুষ্ঠানিক ভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অস্ত্ৰ তুলি দি আত্মসমৰ্পণ কৰে। কলাক্ষেত্ৰত অনুষ্ঠিত অসম আৰক্ষীৰ এক আত্মসমৰ্পণ অনুষ্ঠানৰ দৃষ্টি ৰাজখোৱাৰ লগতে আলফা (স্বাধীন)ৰ ১৮ গৰাকী সদস্যই আত্মসমৰ্পণ কৰে।

অনুষ্ঠানত আলফা (স্বাধীন)ৰ লগতে কেইবাটাও সংগঠনৰ মুঠ ৬৩ গৰাকী সদস্যই আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰী বিভিন্ন সংগঠনৰ সদস্য সকলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জমা দিয়ে।