নিউজ ডেক্স:- প্রাকৃতিক বনজুইৰ সংহাৰৰ কবলত উত্তৰ–পূর্বাঞ্চলৰ বিশ্বখ্যাত নাগালেণ্ড আৰু মণিপুৰ সীমান্তৰ জুক’ ভেলী৷ বিগত পাঁচ দিন ধৰি নাগালেণ্ডৰ জুক’ উপত্যকাত পাহাৰৰ উচ্চতাত বনজুয়ে সংহাৰী ৰূপ লৈছে | এই ভয়াৱহ বনজুই এতিয়া মণিপুৰৰ সেনাপতি জিলালৈ সম্প্রসাৰিত হৈছে৷ বিশ্বৰ পর্যটকৰ বাবে আকর্ষণীয় নান্দনিক–প্রাকৃতিক সৌন্দর্যৰে সমৃদ্ধিশালী জুক’ উপত্যকাত প্রাকৃতিক বনজুই ভয়াৱহ ৰূপত বৃদ্ধি পাই আছে৷ জুক’ ভেলীৰ বাবে বিখ্যাত উপত্যকাটোৰ এক শতাধিক গাঁওবাসী, বন বিভাগৰ কর্মচাৰীয়ে এই বনজুই নিয়ন্ত্রণ কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছিল যদিও কার্যতঃ সফল হ’ব নোৱাৰিলে |
এতিয়া এন ডি আৰ এফ দল নামি পৰিছে বনজুই নিয়ন্ত্ৰণত | আজি পুৱাৰে পৰা দুখনকৈ হেলিকপ্টাৰৰ দ্বাৰা জুঁই নিয়ন্ত্ৰণত নমাৰ কথা টুইটাৰ যোগে প্ৰকাশ কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে

দুর্গম অঞ্চলত লগা বনজুয়ে প্রাকৃতিক সম্পদৰ লগতে জৈৱ–বৈচিত্র্যৰ ধ্বংস প্রক্রিয়া আৰম্ভ কৰিছে৷ বনজুইৰ প্রকোপ হ্রাস কৰাৰ লগতে নিয়ন্ত্রণ কৰিবলৈ বন বিভাগৰ কর্মচাৰী আৰু গাঁওবাসীয়ে যোৱা পাঁচ দিন ধৰি চেষ্টা চলাই বিফল হ’বলগীয়া হৈছে তীব্র বেগী বতাহ আৰু দুর্গম অঞ্চলত সংঘটিত হোৱাৰ বাবে৷ নাগালেণ্ডৰ সীমা অতিক্রম কৰি মণিপুৰৰ মাউণ্ট ইছ’ৰ দিশে এই বনজুই দ্রুতগতিত সম্প্রসাৰিত হোৱাত মণিপুৰ চৰকাৰ উদ্বিগ্ন হৈ পৰিছে৷ যাৰ বাবেই আজিৰে পৰা হেলিকপ্টাৰ ব্যবহাৰ কৰিছে | কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতেও প্ৰতিটো মুহূৰ্তৰ কথা অবগত কৰিছে মুখ্যমন্ত্ৰী বীৰেন সিঙে |
এগৰাকী শীর্ষ বন বিষয়াই প্রকাশ কৰা মতে, জুক’ উপত্যকাত বসবাস কৰি থকা একাংশ গাঁওবাসীয়ে যোৱা ২৮ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ অঞ্চলত বনজুই প্রত্যক্ষ কৰে৷ পিছলৈ এই বনজুই মণিপুৰৰ অঞ্চলত প্রৱেশ কৰে৷ মণিপুৰ অঞ্চলত বনজুয়ে ইতিমধ্যে বিস্তৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰিছে বুলি মণিপুৰ মাও কাউন্সিলে প্রকাশ কৰিছে৷ গভীৰ বনাঞ্চলত জুই লগাৰ ফলত স্থানীয় দুষ্প্রাপ্য গছ–গছনি জাহ যাবলৈ আৰম্ভ কৰিছে৷
উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তত অৱস্থিত জুক’ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা ২,৪৫২ মিটাৰ উচ্চতাত অৱস্থিত৷ এই উপত্যকাৰ বনাঞ্চল বিভিন্ন দুষ্প্রাপ্য ফলৰ প্রজাতিৰ বাবে বিখ্যাত৷ এই উপত্যকাটোত পোৱা জুক’ লিলি সবাতোকৈ পৰিচিত৷