জুৰীয়াত আধাৰ কাৰ্ডৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

জুৰীয়া – জুৰীয়াৰ সুতিৰপাৰ আধাৰ কাৰ্ড কেন্দ্ৰত ভয়ংকৰ অনিয়ম। ধন আদায় দিলেহে আধাৰৰ বাবে ফ্ৰিংগাৰ প্ৰিন্ট লোৱাৰ অভিযোগ। কেন্দ্ৰটোৰ একাংশ কৰ্মচাৰীয়ে ধনৰ বিনিময়ত সকলো নীতি-নিয়ম ভংগ কৰি আধাৰ কাৰ্ডৰ কাম চলাই যোৱাৰ অভিযোগ।

নগাঁও জিলাৰ জুৰীয়াৰ সুতিৰপাৰ আধাৰ কাৰ্ড কেন্দ্ৰত ভয়ংকৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে সুতিৰপাৰ আধাৰ কেন্দ্ৰটোৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে। অভিযোগ মতে আধাৰ কাৰ্ড কেন্দ্ৰটোৰ অপাৰেটৰ তথা একাংশ কৰ্মচাৰীয়ে নিয়মীয়াকৈ আধাৰ কাৰ্ড কেন্দ্ৰত কাম নকৰি মধ্যভোগী দালালক হতুৱাই ধনৰ বিনিময়ত বাহিৰে-বাহিৰে আধাৰ কাৰ্ডৰ কাম চলাই গৈছে।

চৰকাৰে আধাৰ কাৰ্ডক গুৰুত্বপূৰ্ণ নথি হিচাপে ঘোষণা কৰি চৰকাৰী ভাৱে আধাৰ কাৰ্ড প্ৰদানৰ সুবিধা কৰি দিছে যদিও একাংশ অৰ্থলিপ্সু আধাৰ কাৰ্ড অপাৰেটৰ তথা কৰ্মচাৰীৰ বাবেই আধাৰ কাৰ্ডৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে দুখীয়া শ্ৰেণীৰ ৰাইজ। এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে উচিত সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে জুৰীয়াৰ সুতিৰপাৰ অঞ্চলৰ দৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দুখীয়া জনসাধাৰণে যে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হ’ব সেয়া নুই কৰিব নোৱাৰি।

উল্লেখ্য যে নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজ্যৰ বহু ভিতৰুৱা অঞ্চলত আধাৰ কাৰ্ডৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈ থাকৰ অভিযোগ উত্থাপিত হৈ আছে। আধাৰ কাৰ্ড কেন্দ্ৰ সমূহত নিয়োজিত একাংশ কৰ্মচাৰীয়ে নিজ ইচ্ছা মতে আধাৰ কাৰ্ডৰ কাম চলাই যোৱাত দুখীয়া শ্ৰেণীৰ ৰাইজ বহু অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply