জুৰীয়া – জুৰীয়া উন্নয়ন খণ্ডৰ অৰুনোদয় আচনিত ব্যাপক অনিয়মৰ অভিযোগ। শ শ অস্তিত্বহীন হিতাধিকাৰীৰ নাম চুড়ান্ত তালিকাত অন্তৰ্ভুক্ত। সম্পূৰ্ণ মুছলমান বসতিপ্ৰধান পঞ্চায়তত ৰহস্য ভাৱে হিন্দু লোকৰ নাম অন্তৰ্ভুক্ত তালিকাত।
জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বহুকেইখন গাঁও পঞ্চায়তত অৰুনোদয় আচনিৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উথাপিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি উন্নয়ন খণ্ডটোৰ অন্তৰ্গত আলিটাঙনী-জামুগুৰী, মাহগুৰী আৰু শিঙীয়া এই তিনিখনকৈ গাঁও পঞ্চায়তত ব্যাপক অনিয়ম সংঘটিত হৈছে। বিশেষকৈ আলিটাঙনী-জামুগুৰী গাঁও পঞ্চায়ত সম্পূৰ্ণ সংখ্যালঘু মুছলমান লোকৰ অধ্যুষিত গাঁও পঞ্চায়ত যদিও সদ্য প্ৰকাশ পোৱা অৰুনোদয় আঁচনিৰ চুড়ান্ত তালিকাত অস্তিত্বহীন বহু হিন্দু লোকৰ নাম অন্তৰ্ভুক্ত হৈছে।
কেৱল ইমানেই নহয় গাঁও পঞ্চায়ত কাৰ্যালয়ত আবেদন পত্ৰ দাখিল কৰা লোকৰ সংখ্যাতকৈ বিভাগীয় ভাৱে প্ৰেৰণ কৰা চুড়ান্ত তালিকাত বহু বেছি লোকৰ নাম প্ৰকাশ পাইছে। সেই মৰ্মে আলিটাঙনী গাঁও পঞ্চায়ত কৰ্তৃপক্ষই স্থানীয় লোকৰ আবেদনৰ ওপৰত ভিত্তি কৰি বিভাগীয় ভাৱে নিৰ্ধাৰণ কৰি দিয়া সংখ্যা ৪৭৬ গৰাকী হিতাধিকাৰীৰ নাম উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ত দাখিল কৰিছিল যদিও প্ৰকাশিত চুড়ান্ত তালিকাত ৫২৪ জন নাম অন্তৰ্ভুক্ত হৈছে। একেদৰে, শিঙিয়া গাঁও পঞ্চায়তত ৫৬৩ গৰাকীৰ বিপৰীতে ৬৩১ গৰাকী হিতাধিকাৰীৰ নাম চুড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছে। এইদৰে আবেদন নকৰা বহু অস্তিত্বহীন লোকৰ নাম কৰ পৰা চুড়ান্ত তালিকাত স্থান পালে এয়া ৰহস্যৰ বিষয় বুলি অভিযোগ কৰিছে স্বয়ং উল্লেখিত পঞ্চায়ত কেইখনৰ বিষয়ববীয়া সকলে।
মাহগুৰী পঞ্চায়ততো সংঘটিত হৈছে তদ্ৰুপ ঘটনা। প্ৰকৃত ৫০০ হিতাধিকাৰীৰ বিপৰীতে আহিছে ৬৫০ গৰাকী হিতাধিকাৰীৰ তালিকা কিন্তু পঞ্চায়তটোত অস্তিত্বহীন এই হিতাধিকাৰী সকল কৰ পৰা কেনেদৰে তালিকাভূক্ত হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। অৰুনোদয়ৰ দৰে এখন অভিলাষী আঁচনিত অনিয়ম হ’লে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি যিটো সময়ত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শমাই সংবাদমেল অনুষ্ঠিত কৰি দম্ভালি মাৰিছিল সেইটো সময়তে জুৰীয়াত সংঘটিত এনে অনিয়মৰ বিৰুদ্ধে মন্ত্ৰী গৰাকীয়ে কি স্থিতি গ্ৰহন কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।