ধৃত প্ৰদীপ কুমাৰ।

গুৱাহাটী – অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত জেইই কেলেংকাৰীত আনৰ হৈ ধন লৈ পৰীক্ষাত বহা ভুৱা পৰীক্ষাৰ্থী। নীল নক্ষত্ৰ দাসৰ হৈ পৰীক্ষাত বহা এই যুৱকজনক অসমৰ পৰা যোৱা এটা আৰক্ষীৰ দলে দিল্লীত গ্ৰেপ্তাৰ কৰে।

যুৱকজনক প্ৰদীপ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। ধনৰ বিনিময়ত নীল নক্ষত্ৰ দাসৰ হৈ পৰীক্ষাত বহিছিল। ৩৪ বছৰীয়া প্ৰদীপ কুমাৰ।

প্ৰদীপ কুমাৰক লৈ আজি নিশা তদন্তকাৰী দলটো গুৱাহাটীত উপস্থিত হ’ব। ইয়াৰ পিছতে পৰীক্ষাৰ এক বৃহৎ নেটৱৰ্ক ফাদিল হোৱাৰ সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply