গুৱাহাটী – জে ই ই পৰীক্ষাৰ জালিয়তিৰ মাষ্টাৰ মাইণ্ড ভাৰ্গৱ ডেকাই আৰক্ষীৰ জেৰাত বহু ভয়ংকৰ তথ্য সদৰী কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা অধিকাংশ এডু ফেয়াৰ (শিক্ষা মেলা)ত অংশ লৈ শিক্ষাৰ্থী তথা অভিভাৱকৰ যোগাযোগৰ সবিশেষ সংগ্ৰহ কৰে আৰু অত্যন্ত চতুৰতাৰে পৰীক্ষাত পাছ কৰাই দিয়াৰ জাল পেলায় ভাৰ্গৱ ডেকাই ।
কালি আৰক্ষীয়ে চলোৱা জেৰাতে ভাৰ্গব ডেকাই স্বীকাৰ কৰিছে যে এনে শিক্ষামেলাতে টি চি এছৰ পৰীক্ষা তত্বাৱধায়ক হেমেন্দ্ৰ নাথ শৰ্মাৰে চিনাকি হৈছিল ভাৰ্গৱৰ। ইয়াৰ পিছতে এই হেমেন্দ্ৰ নাথ শৰ্মাই টি চি এছৰ কে’বাজনো মধ্যম বৰ্গৰ কৰ্মচাৰীৰ সৈতে চিনাকি কৰাই দিছিল ভাৰ্গৱক।
ইতিমধ্যে সমগ্ৰ ৰাজ্য তথা দেশতে এক বৃহৎ পৰীক্ষা জালিয়তি চক্ৰ গঢ়ি তুলি পেছাদাৰী ভুৱা পৰীক্ষাৰ্থীৰ জৰিয়তে নীল নক্ষত্ৰ দাসক ৰাজ্যখনৰ ভিতৰতে শীৰ্ষ স্থানত উত্তীৰ্ণ কৰোৱাইছিল। সম্প্ৰতি সাত দিনৰ আৰক্ষীৰ জিম্মাত থকা ভাৰ্গব ডেকাই জেৰাত এই কথা স্বীকাৰ কৰিছে।

উল্লেখ্য যে অসমত চলা জেইই কেলেংকাৰিৰ মূল খলনায়ক ভার্গৱ ডেকাই জেইই পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই বেংককলৈ উৰা মাৰিছিল যদিও মাত্ৰ কেইদিনমানৰ ভিতৰতে বিমানযোগে গুৱাহাটীলৈ ঘূৰি আহে আৰু আজাৰা আৰক্ষীৰ হাতত ধৰা দিয়ে। আমবাৰীৰ গ্ল’বেল এডুলাইট নামৰ প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী ভার্গৱ ডেকাই সঘনে শিক্ষামেলাত অংশগ্ৰহণ কৰিয়েই এই বৃহৎ জালিয়াতি চক্ৰ গঢ়ি তুলিছিল।
আনহাতে মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত নামভর্তিৰ নামত প্রৱঞ্চনাৰ ক্ষেত্রত ভার্গৱ ডেকাৰ মূল সহযোগী হিচাপে কাম কৰি অহা গ্ল’বেল এডুলাইটৰ কাউন্সেলৰ কাকলি বুজৰবৰুৱাৰ পৰাও আৰক্ষীয়ে বহু গুৰুত্বপূর্ণ তথ্য লাভ কৰিছে৷
উল্লেখ্য যে মূল অভিযুক্ত মধ্যভোগী কনছালটেন্সী প্ৰতিষ্ঠান ‘গ্লোবেল এডুলাইট’ৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাক সোমবাৰে আদালতত হাজিৰ কৰা হয়। বিয়লি কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি আজাৰা আৰক্ষীয়ে জেৰাৰ বাবে অতিৰিক্ত সময় বিচাৰি আদালতত ১৪ দিন নিজৰ জিম্মাত বিচাৰি আবেদন কৰে যদিও আদালতে ভাৰ্গৱ ডেকাক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে।
আদালতত ভাৰ্গৱ ডেকাৰ অধিবক্তাই তেওঁৰ জামিন বিচাৰি আবেদন কৰিছিল আদালতে জামিন নাকচ কৰি আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
শেহতীয়াকৈ এই সন্দৰ্ভত আজাৰা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪১৯/৪২০/৪০৬ আৰু তথ্য-প্ৰযুক্তি আইনৰ ৬৬ডি ধাৰাত ৰুজু কৰা ৬২৪/২০২০ নম্বৰ গোচৰৰ ভিত্তিত পৰীক্ষাৰ্থী নীল নক্ষত্ৰ দাসৰ লগতে তেওঁৰ চিকিৎসক পিতৃ ডাঃ জ্যোৰ্তিময় দাস আৰু পৰীক্ষা কেন্দ্ৰৰ ৩জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল। শুক্ৰবাৰে ‘গ্ল’বেল ইডুলাইট’ৰ কাউন্সিলৰ কাকলি বুজৰবৰুৱাকো গ্ৰেপ্তাৰ কৰে। শনিবাৰে আদালতত হাজিৰ কৰাই আৰক্ষীয়ে কাকলি বুজৰবৰুৱাক ৩ দিনৰ বাবে নিজৰ জিম্মাত লয় আৰক্ষীয়ে। ইতিমধ্যে কাকলি বুজৰবৰুৱাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজাৰা আৰক্ষীয়ে নলবাৰীত আৰু গুৱাহাটীৰ কেইবাটাও স্থানত অভিযান চলাই কম্পিউটাৰ, বেংক একাউণ্টসহ বহু তথ্য-প্ৰমাণ সংগ্ৰহ কৰিছে। আনকি এই ভয়ংকৰ পৰীক্ষা জালিয়াতিৰ লগত জড়িত থকা আন তিনিজন কৰ্মচাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
তথ্য অনুসৰি, ভাৰ্গৱ ডেকাই গ্লোবেল এডুলাইটত কোচিং কৰা শিক্ষাৰ্থীসকলৰ ধনৱান শিক্ষাৰ্থীসকলক চিনাক্ত কৰি পিছত ইঞ্জিনিয়াৰিং আৰু মেডিকেলত বাছনি লাভৰ নিশ্চয়তা প্ৰদান কৰি অভিভাৱকৰ লগত লাখ লাখ টকাত চুক্তি কৰে। বিগত ৮-১০ বছৰ ধৰি ভাৰ্গৱ ডেকা এণ্ড কোম্পানীয়ে এনেদৰে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত একাংশ অযোগ্য প্ৰাৰ্থীক বাছনি লাভ কৰোৱাৰ ব্যৱস্থা কৰি আহিছে। ইতিমধ্যে আৰক্ষীৰ জেৰাত এইসমূহ বিস্ফোৰক স্বীকাৰোক্তি দিছে ভাৰ্গৱ ডেকা আৰু কাকলি বুজৰবৰুৱাই।
এক সূত্ৰই সদৰী কৰা তথ্য অনুসৰি ভাৰ্গৱ ডেকা এণ্ড কোম্পানীয়ে পৰীক্ষা কেন্দ্ৰৰ একাংশ কৰ্মচাৰীক ধন দি ক্ৰয় কৰাৰ লগতে পৰীক্ষা অনুষ্ঠিত কৰা প্ৰতিষ্ঠানসমূহৰ লগতো বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বুজাবুজি কৰি আগতীয়াকৈ প্ৰশ্নকাকত ফাদিল অথবা অত্যাধুনিক পদ্ধতিৰে কম্পিউটাৰ হেক কৰি জালিয়াতি কৰি আহিছে। এতিয়া এই সকলো তথ্য ভাৰ্গৱ ডেকাক জেৰা কৰাৰ পিছত পোহৰলৈ আহিব।