গুৱাহাটী – সমগ্ৰ ৰাজ্য জোকাৰি যোৱা জেইই কেলেংকাৰিৰ মুখ্য অভিযুক্ত ভাৰ্গব ডেকাক কালি আৰক্ষীয়ে গুৱাহাটী বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে বেংককৰ পৰা দিল্লী হৈ গুৱাহাটীলৈ আহিছিল ভাৰ্গৱ ডেকা। ইফালে এই কেলেংকাৰিৰ অন্যতম অভিযুক্ত কাকলি বুজৰবৰুৱাৰ ঘৰত অভিযান চলোৱাৰ লগতে আজি নলবাৰীতো অন্য দুজন অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান চলায়৷

সমগ্র কেলেংকাৰিৰ মূল খলনায়ক ভার্গৱ ডেকা বিদেশৰ পৰা স্পাইচ জেট বিমানযোগে গুৱাহাটীলৈ ঘূৰি অহাৰ পথত বিমান বন্দৰতে কালি নিশা আজাৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ লক্ষণীয় যে প্রায় এসপ্তাহ ধৰি পলাতক অৱস্থাত থকা আমবাৰীৰ গ্ল’বেল এডুলাইট নামৰ প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী ভার্গৱ ডেকাই বেংককলৈ পলায়ন কৰিছিল৷

তাৰ পৰা নতুন দিল্লী হৈ গুৱাহাটীলৈ তেওঁ ঘূৰি অহাৰ বাতৰি লাভ কৰি আজাৰা থানাৰ আৰক্ষীয়ে বৰঝাৰ বিমান বন্দৰত তেওঁৰ বাবে খাপ পিটি আছিল৷ উল্লেখ্য যে ভার্গৱ ডেকাই ইতিমধ্যে আগতীয়া জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল যদিও জামিন লাভ কৰাত ব্যর্থ হৈছিল৷

আনহাতে মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত নামভর্তিৰ নামত প্রৱঞ্চনাৰ ক্ষেত্রত ভার্গৱ ডেকাৰ মূল সহযোগী হিচাপে কাম কৰি অহা গ্ল’বেল এডুলাইটৰ কাউন্সেলৰ কাকলি বুজৰবৰুৱাৰ পৰাও আৰক্ষীয়ে বহু গুৰুত্বপূর্ণ তথ্য লাভ কৰিছে৷ কালিৰ পৰা কৰা জেৰাত তেওঁ জালিয়াতি প্রক্রিয়াৰ বহু গোপন তথ্য প্রকাশ কৰা বুলি জানিব পৰা গৈছে৷ আজি মহানগৰ আৰক্ষীয়ে কাকলি বুজৰবৰুৱাক লগত লৈ ৰূপনগৰত থকা তেওঁৰ বাসগৃহত অভিযান চলায়৷

ভার্গৱ ডেকাৰ গ্ল’বেল এডুলাইটৰ কর্মচাৰী দুজনৰ সন্ধানত আৰক্ষীয়ে এই অভিযান চলাইছিল৷ ইতিমধ্যে জে ই ই পৰীক্ষা কেলেংকাৰি চক্রৰ বহু গুৰুত্বপূর্ণ তথ্য আৰক্ষীক প্রকাশ কৰিছে নীল নক্ষত্র দাসে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply