এইবাৰ ৫০ শতাংশ ৰাইজৰ উপস্থিতিৰে জোনবিল মেলা সমাপন কৰিব লাগিব

মৰিগাওঁ– মাঘ বিহুৰ উদযাপন কৰাৰ পিছৰ সপ্তাহৰ পৰা আয়োজন কৰা হয় জোনবিল মেলা। জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা এই মেলাখনক লৈ ব্য়স্ততাৰ অন্ত নোহোৱা হয় স্থানীয় বাসিন্দাৰ। এইবাৰ জোনবিল মেলা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰা হয় ।

জোনবিল মেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰিছে মৰিগাঁও প্ৰশাসনে। এইবাৰ কভিড প্ৰট’কল মানি ৫০ শতাংশ ৰাইজৰ উপস্থিতিৰে জোনবিল মেলা সমাপন কৰিব লাগিব বুলি প্ৰশাসনে জনাইছে। ২০২১ চনৰ জানুৱাৰী মাহৰ ২১, ২২ আৰু ২৩ তাৰিখৰ পৰা আৰম্ভ হ’ব জোনবিল মেলা।

তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মেলাত ২১ জানুৱাৰীত ৰজাৰ ভোজ, ২২ জানুৱাৰীত ঐতিহাসিক ‘বিনিময় প্ৰথা’ আৰু ২৩ জানুৱাৰীত ৰাজদৰবাৰ অনুষ্ঠিত কৰোঁতে কভিড-১৯ ৰ নিয়মাৱলী মানি চলাটো বাধ্যতামূলক বুলি প্ৰশাসনে ঘোষণা কৰিছে।

কৰোনা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বাণিজ্য মেলা, প্ৰদৰ্শনী আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা নহ’ব বুলি আয়োজক সকলে সভাত জানিবলৈ দিয়ে|

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply