জোনাইত তিনিদিনীয়া জনজাতি মেলাৰ আয়োজন

জোনাই- ভাৰত চৰকাৰৰ জনজাতি মন্ত্ৰণালয়ৰ উদ্যোগত আৰু ৰয়েল ৰাইদ্ৰাছৰ সহযোগত জোনাইত পোনপ্ৰথম বাৰৰ বাবে জোনাই শিশু উদ্যানত ৩ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ জনজাতি মেলা | অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ পৰিচালন সঞ্চালক যাদব পেগুৱে উদ্ধোধন কৰা অনুষ্ঠানত বৃক্ষৰোপণ, প্ৰদৰ্শনী দ্বাৰ উদ্ধোধন কৰে জোনাইৰ মহকুমাধিপতি জিমলী শইকীয়া কাকতিয়ে |

অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন জনজাতি সকলৰ নৃত্যগীত প্ৰদৰ্শন কৰা হয় | বাদ্যযন্ত্ৰ মেলাও অনুষ্ঠিত হয় উক্ত অনুষ্ঠানত | মিচিং , সোনোৱাল কছাৰী, দেউৰী, হাজং, বড়ো আদি বিভিন্ন জনগোষ্ঠীৰ লোকসকলক সাজপাৰ, বাদ্যযন্ত্ৰ, প্ৰদৰ্শণীমূলক খেলৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় |

জনজাতি মেলাত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ বাৰেৰহনীয়া সংস্কৃতিৰ সমাহাৰ ঘটে | জনপ্ৰিয় মিউজিক ব্ৰেন্ড ‘গমোগ অ:পে’ গ্ৰুপৰ অনুষ্ঠানে দৰ্শকক আপ্লুত কৰে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply