যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

জোনাই – অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মিচিং ছাত্ৰ সন্থা টি এম পি কেই সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। সংগঠনটোৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বছৰজোৰাকৈ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি মিচিংসকলৰ জাতীয় ছাত্র সংগঠন টাকাম মিচিং পৰিণ কেবাঙ।

সােণালী জয়ন্তী বর্ষৰ শুভাৰম্ভণি কার্যসূচী জোনাইত অহা ১৬ আৰু ১৭ জানুৱাৰীত আয়ােজন কৰা হ’ব। ইয়াৰ পিছত বর্ষজোৰা কার্যসূচীৰে চিলাপথাৰ, গােগামুখ, ঢকুৱাখনা আৰু মাজুলীত বিভিন্ন কার্যসূচী অনুষ্ঠিত কৰা হ’ব সােণালী জয়ন্তী বর্ষৰ কার্যসূচী। শুভাৰম্ভণি কার্যসূচী উপলক্ষে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মূল মঞ্চৰ লগতে তােৰণ আদিৰ নির্মাণকার্য তীব্র গতিত চলিছে। মূল মঞ্চৰ দুয়ােকাষে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ঢকুৱাখনাৰ অল আছাম মিৰি হাইস্কুলৰ আহি তথা নামত দুটা অতিথিগৃহ নির্মাণ কৰা হৈছে।

তদুপৰি আটকধুনীয়াকৈ এটা মূৰংঘৰাে নির্মাণ কৰা হৈছে। সােণালী জয়ন্তী বর্ষ উপলক্ষে অভ্যর্থনা সমিতিয়ে ‘দলং আগম’ নামৰ গ্রন্থ এখনাে প্রকাশৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। কার্যসূচীত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মা, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে অৰুণাচলৰ বহু বিশিষ্ট অতিথিয়ে অংশগ্রহণ কৰিব।

তদুপৰি টাকাম মিচিং পৰিণ কেবাঙৰ প্রাক্তন নেতৃবৃন্দ আৰু বিভিন্ন জনগােষ্ঠীয় সংগঠনৰ নেতাও উপস্থিত থাকিব অনুষ্ঠানত। কার্যসূচী সফল কৰি তােলাৰ বাবে জাতি-ধর্ম-বর্ণ নির্বিশেষে ৰাইজৰ সহায়-সহযােগিতা আৰু উপস্থিতিৰ কামনা কৰিছে টি এম পি কে আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজু মেদক আৰু সাধাৰণ সম্পাদক নৰেশ কুম্বাঙে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply