গুৱাহাটী:-নিখিল ভাৰত কংগ্ৰেছৰ জ্যেষ্ঠ সদস্য মতিলাল ভৌৰাৰ দেহাৱসান | ৯৩ বছৰ বয়সত দিল্লীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। উল্লেখ্য যে, মতিলাল ভৌৰাই যোৱা দেওবাৰে ৯৩ বছৰ বয়স সম্পূৰ্ণ কৰিছিল।
১৯২৮চনৰ ২০ ডিচেম্বৰত জন্ম হোৱা নেতাগৰাকী ১৯৬৮চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰা গান্ধী পৰিয়াল অতিকৈ ঘনিষ্ঠ মতিলাল ভৌৰা কেইবা দশক ধৰি কংগ্ৰেছৰ কোষাধ্যক্ষৰ দৰে গধুৰ দায়িত্বত আছিল |
জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে অসংখ্য অনুৰাগীয়ে শোকপ্ৰকাশ কৰিছে।