নিউজ ডেক্স: ইজৰাইল আৰু ভাৰতৰ মাজত থকা সম্বন্ধ আৰু অধিক শক্তিশালী কৰাৰ মানসেৰে দেশখনে উত্তৰ পূৱৰ কাৰণে নিযুক্তি দিছে প্ৰতিনিধি। জয়শ্ৰী দাস বাৰ্মাক উত্তৰ পূৱৰ উপ ৰাষ্ট্ৰদূতৰ (Consul) পদবীত নিযুক্তি দিছে | তেওঁৰ ক্ষেত্ৰ পৰিসৰ হ’ব উত্তৰ পূৱৰ ৮খন ৰাজ্য আৰু তেওঁৰ কাৰ্যালয় থাকিব অসমত।
ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰণ মালাকাই কয়, ভাৰত আৰু ইজৰাইলৰ মাজত সম্বন্ধ প্ৰতিদিনে দৃঢ় হৈ গৈ আছে আৰু উত্তৰ পূৱলৈ এই সম্বন্ধৰ প্ৰভাৱ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য হাতত লৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
আনহাতে এই সন্মান গ্ৰহণ কৰি জয়শ্ৰী দাস বাৰ্মাই কয় – ইজৰাইলৰ প্ৰযুক্তি আৰু আন দক্ষতা উত্তৰ পূৰ্বাঞ্চলত কেনেদৰে প্ৰয়োগ কৰিব পাৰি সেই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব |উল্লেখযোগ্য যে, যোৱা বৰ্ষৰ নৱেম্বৰ মাহত ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অসম, মেঘালয় আৰু ত্ৰিপুৰা ভ্ৰমণ কৰি তেওঁ তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল।