নাজিৰা – জৰাজীৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্রী যোগেন মহনে। নাজিৰাত জৰাজীৰ্ণ ন-আলি পথৰ আধাৰশিলা স্থাপন কৰিলে গড়কাপ্তানি মন্ত্ৰী যোগেন মহনে। ৫০ লাখ টকা ব্যয়ৰে ৬:৭ মিটাৰ পথৰ আৱন্তিত কামৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে৷
শিৱসাগৰ জিলাৰ শিলাকুটী মৌজাৰ অন্তৰ্গত ৰাজগড় ৰেলৰ আলি সংযোগী ন-আলি পথৰ জৰাজীৰ্ণ অৱস্থাই দীৰ্ঘদিনে লোনপুৰীয়াকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজক যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভোগাই আহিছে৷ যাতায়তৰ ক্ষেত্ৰত ৰাইজে ভোগ কৰি অহা দীৰ্ঘদিনীয়া সমস্যাৰ সামাধানৰ প্ৰয়াসেৰে অসম চৰকাৰৰ পথ উন্নয়ন শিতানৰ ২০২১-২২ বৰ্ষৰ ৫০ লাখ টকা ব্যয়ৰে মাত্ৰ ৬:৭ মিটাৰ পথৰ আৱন্তিত কামৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা গড়কাপ্তানি’ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থা পনা বিভাগৰ (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহনে৷
২ কিলোমিটাৰ পথতোৰ মাত্ৰ ৬:৭ মিটাৰ কামৰ মন্ত্ৰী গৰাকীয়ে আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক বাকী থকা অংশৰ কামো শীঘ্ৰে নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰে৷ গাঁওবাসীয়ে যাতায়তৰ ক্ষেত্ৰত ভুগি অহা এই সমস্যা সামান্যতম দূৰ কৰাৰ প্ৰয়াস কৰা মন্ত্ৰী গৰাকীয়ে একেদিনাই মৌজাতোৰ কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে।