নিউজ ডেক্স: ৰাষ্ট্ৰপতি জ’ বাইডেনৰ শপতগ্ৰহনৰ দিন ওচৰ চাপি অহাৰ লগে লগে দেশখনত অধিক সস্ত্ৰম হৈ পৰিছে সুৰক্ষা ব্যবস্থাটো | আমেৰিকাত ডেম’ক্রেটিক নেতা জ’ বাইডেনে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰাৰ পূর্বে দেশখনত ড’নাল্ড ট্রাম্পৰ সমর্থকে সশস্ত্র প্রতিবাদ সাব্যস্ত কৰিব পাৰে৷ একাংশ মার্কিন নিৰাপত্তা বিষয়াই এই সতর্ক বাণী কৰিছে৷ ইতিমধ্যে চোৰাংচোৱা সংস্থা এফ বি আয়ে দেশখনৰ পঞ্চাশখন প্রদেশৰ প্রাদেশিক সংসদ বা কেপিটলৰ লগতে ৱাশ্বিংটন ডিচিতো কেইবাটাও সশস্ত্র গোটে ২০ জানুৱাৰীৰ পূর্বে প্রতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা চলোৱা বুলি তথ্য লাভ কৰিছে৷
স্মর্তব্য যে ২০ জানুৱাৰীত আনুষ্ঠানিকভাৱে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিব জ’ বাইডেনে৷ বাইডেনৰ শপতগ্রহণ অনুষ্ঠানত যাতে কোনো ধৰণৰ প্রতিবাদ বা সংঘর্ষৰ সৃষ্টি নহয় তাৰ প্রতি নজৰ ৰাখি ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ যোৱা সপ্তাহত বাইডেনক ছিনেট আৰু কংগ্রেছে আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰাৰ সময়তে ট্রাম্পৰ সমর্থকে কেপিটল হিলত আক্রমণ কৰিছিল৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সমৰ্থক সকলে এতিয়াও পৰাজয় মানি ল’ব খোজা নাই | সেইদৰে ট্ৰাম্পৰ নিৰ্বাচনৰ পিছৰ ভুমিকাইও এই সমৰ্থক সকলক উচতনি যোগোৱাত বিশেষভাবে সহায় কৰিছে |