জোনাই: সদৌ মিচিং ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী বৰ্ষ শুভাৰম্ভণী অনুষ্ঠান দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় ধেমাজী জিলাৰ জোনাইত। জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানৰ দুদিনীয়া কাৰ্যসূচী প্ৰথম দিনা পুৱা মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপ-সভাপতি যজ্ঞেশ্বৰ কুটুমৰ পতাকা প্ৰদৰ্শনেৰে বগীবিলৰ পৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰলৈ চাইকেল ৰেলীৰে আৰম্ভ কৰে ৷ গ্ৰন্থমেলা উদ্বোধন কৰে ধেমাজি উপায়ুক্ত নাৰ্ছিং পাৱাৰে।

সোণালী জয়ন্তী বৰ্ষৰ দুদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাসহ অসম-অৰুণাচলৰ বহু বিশিষ্ট অতিথি। মুখ্য অতিথি ৰূপে উপস্থিত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত উল্লেখ কৰে যে এই বিশাল অনুষ্ঠানে প্ৰমাণ কৰিলে টি এম পি কে অকল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূবৰ জনতাৰ হৃদয়ত আছে। উত্তৰ-পূবৰ সমন্বয়ৰ এক অন্যতম প্ৰতিচ্ছবি টি এম পি কেৰ বৰ্ণিল অনুষ্ঠান।
বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জোনাইত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে জোনাই পাৰ্কি পেলেচ আৰু এটা সমূহীয়া ভৱন উদ্বোধন কৰে। ইয়াৰ লগতে মিচি স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া এটা বজাৰগৃহৰ আধাৰশিলাও স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।

বিত্ত মন্ত্ৰীগৰাকীয়ে সভাৰ অন্তত কয় যে ৰাজ্য চৰকাৰৰ কেবিনেটে কেন্দ্ৰক বৰ্তমান মিচিং স্বায়ত্ত শাসিত পৰিষদ, ৰাভা স্বায়ত্ত শাসিত পৰিষদ আৰু তিৱা স্বায়ত্ত শাসিত পৰিষদক সাংবিধানিক ক্ষমতা প্ৰদানৰ কথা কৈছে, যাতে তেওঁলোকে অধিক পুঁজি আৰু ক্ষমতা লাভ কৰিব পাৰে। শিক্ষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যাতে তেওঁলোকে আৰু বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰে।