চামগুৰি – চামগুৰিৰ ৰঙাগড়াত টাটা ম’বাইল মিনি ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছে টাটা ম’বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন। দুর্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনৰ চালক-হেণ্ডিমেন। স্থানীয় ৰাইজে টাটা ম’বাইলখনৰ চালক-হেণ্ডিমেনজনক উদ্ধাৰ কৰি চিকিৎসলায়ত প্ৰেৰণ কৰে।
নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াত সংঘটিত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা ম’বাইল মিনি ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত গুৰুত্বৰভাৱে আহত হয় টাটা ম’বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন। ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই এই দুর্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰে।
জানিবলৈ পোৱা মতে যোৰহাটৰ পৰা চুপাৰি কঢ়িয়াই আহি থকা টাটা ম’বাইল ট্ৰাকখনক বিপৰীত দিশৰ পৰা আহি থকা ডাম্পাৰখনে খুন্দা মাৰে। দুর্ঘটনা সংঘটিত কৰি ডাম্পাৰখনৰ চালক-হেণ্ডিমেন পলায়ন কৰে। ইফালে টাটা ম’বাইল ট্ৰাকখনৰ চালক-হেণ্ডিমেন বহু সময় ধৰি ট্ৰাকখনত আৱদ্ধ হৈ থাকে। স্থানীয় ৰাইজে টাটা ম’বাইল ট্ৰাকখনৰ চালক-হেণ্ডিমেনক উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰে।
টাটা ম’বাইল ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই অঞ্চলটোত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাইজে আৰক্ষীক ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে।