টিক টকৰ ঠাই ল'বলৈ আহিছে টিপ টিপি

যোৰহাট – টিক টক ব্যৱহাৰকাৰী সকলৰ বাবে সু খবৰ। টিক টকৰ ঠাই ল’বলৈ আহিছে টিপ টিপি। এইবাৰ মবাইল ফোনত উপলব্দ হ’ব টিপ টিপি। যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ তিনিগৰাকী ছাত্ৰ ছাত্ৰীৰ দেখুৱালে চমক।

এইবাৰ টিক টক নহয়, এইবাৰ ব্যৱহাৰ কৰক টিপ টিপি। চাইনিজ জনপ্ৰিয় এপচক চেলেঞ্জ দিছে অসমীয়া যুৱক-যুৱতীয়ে। দেখুৱাইছে প্ৰকৃত অসমীয়াগিৰি। নিৰ্মাণ কৰি উলিয়াইছে টিক টকৰ অনুৰূপী এপ টিপ টিপি।

টিক টকক চেলেঞ্জ দিবলৈ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ২০১৯ বৰ্ষৰ উত্তীর্ণ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে স্বাস্বতি কটকী, অমৰ জ্যোতি গৌতম আৰু হেমাংগ মধুকৈল্যই নিৰ্মাণ কৰি উলিয়ালে টিক টকৰ পৰিপুৰক টিপ টিপি নামৰ এক এপ।

এই এপৰ জড়িয়তে জনসাধাৰণে টিক টকৰ দৰেই ভিডিও আপলোড কৰিব পাৰিব। এই বিনোদন ধৰ্মী এইটো জড়িয়তে অকল ভিডিও আপলোডেই নহয় আৰু বহু মনোৰঞ্জনৰ ভাগও ব্যৱহাৰ কৰিব পাৰিব। আনহাতে এই এপচটোৰ ব্যৱহাৰকাৰীৰ প্ৰাইভেচি পলিচিৰ ক্ষেত্রটো সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।

শনিবাৰে যোৰহাট প্ৰেছ ক্লাবত এক সংবাদ মেল অনুষ্ঠিত কৰি এই এপচটোক আনুষ্ঠানিকভাৱে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ২০১৯ বৰ্ষৰ উত্তীর্ণ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে। এতিয়াৰ পৰা টিপ টিপি নামৰ এই এপচটো গুগল প্লে ষ্টোৰত উপলব্ধ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply