নিউজ ডেস্ক: টি আৰ পি কেলেংকাৰী নতুন নতুন তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে |বৰ্তমান মুম্বাই আৰক্ষীৰ জিন্মাত থকা BARCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাসগুপ্তাই শেহতীয়াকৈ মুখ জেৰাত মুখ খোলাৰ কথা প্ৰকাশ পাইছে। ভুৱা টি আৰ পি ৰেটিঙক লৈ কিদৰে বিসংগতিপূৰ্ণভাৱে সমগ্ৰ প্ৰক্ৰিয়া চলাই আছিল, সেই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাসগুপ্তাই।
শেহতীয়াকৈ বিষয়াগৰাকীয়ে দেশৰ প্ৰখ্যাত সাংবাদিক অৰ্ণৱ গোস্বামীক লৈ এক চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰিছে আৰক্ষীৰ সন্মুখত। ৰিপাব্লিক টিভিৰ সম্পাদক গোস্বামীয়ে নিজৰ চেনেলৰ টি আৰ পি ৰেটিং বৃদ্ধিৰ বাবে দাসগুপ্তাক তিনি বছৰত প্ৰদান কৰিছিল ৪০লাখকৈ টকা।ইয়াৰ ভিতৰত ১২ হাজাৰ ডলাৰো তেওক দিয়াৰ কথা উল্লেখ কৰিছে | মুম্বাই আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বিটত এই কথা উল্লেখ আছে |
অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে দাসগুপ্তাই উঠোৱা এই অভিযোগ লিপিৱদ্ধ হৈছে মুম্বাই আৰক্ষীয়ে শেহতীয়াকৈ দাখিল কৰা চাৰ্জশ্বিটত। এই চাৰ্জশ্বিটত অৰ্ণৱ গোস্বামীৰ সৈতে হোৱাটছ এপত হোৱা বাৰ্তালাপো সন্নিৱিষ্ট হৈ আছে। উল্লেখ্য যে, এই চাৰ্জশ্বিটত BARCৰ কৰ্মচাৰী, কে’বল অপাৰেটৰ সৈতে মুঠ ৫৯গৰাকী লোকৰ মন্তব্য লিপিৱদ্ধ আছে।