টীয়ক – যোৱাৰাতি টীয়ক সোনাৰী মিছিং গাঁৱত জুইত জাহ গ’ল চাৰিটাকৈ ঘৰৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি আৰু পশুধন।
যোৰহাট জিলাৰ টীয়ক সোনাৰী মিচিং গাঁৱত হোৱা ভয়াবহ অগ্নিকাণ্ড শ্বট চাৰ্কিতৰ ফলত সংঘটিত হোৱা বুলি প্ৰাৰম্ভিক তথ্যত প্ৰকাশ । এই অগ্নিকাণ্ডত জাহ গ’ল বিষেশ্বৰ মিলি, মুখেশ্বৰ মিলি, তিলেশ্বৰ মিলি আৰু লি ৰাজবংশীৰ বাসগৃহ চাৰিটা।
গোহালিও জাহ গৈছে এই অগ্নিকাণ্ডত । অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হৈছে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও সময়ত উপস্থিত নোহোৱাত ক্ষয়ক্ষতিৰ পৰিমান অধিক হোৱা বুলি স্থানীয় বাসিন্দাই অভিযোগ কৰিছে ।