টীয়কৰ বাদুলীপুখুৰী

টীয়ক: অসমৰ গৌৰবোজ্বল ইতিহাসৰ সম্পদ সমূহ ক্ৰমান্বয়ে ধ্বংসৰ দিশে গতি কৰিছে যদিও তাক লৈ কোনো গুৰুত্ব নাই ৰাজ্য চৰকাৰৰ | নতুনক আদৰণি জনোৱাৰ নামত পুৰণিক বিদায় দিয়াটো এক পৰম্পৰাত পৰিণত হৈছে |

শেহতীয়াকৈ উজনি অসমত নিৰ্মাণ হৈ থকা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বহু ঐতিহাসিক প্ৰকল্প ধ্বংস কৰি গৈছে যদিও সকলো যেন নিমাত | তাৰ এক জ্বলন্ত উদাহৰণ হ’ল নিশ্চিহ্ন হোৱাৰ পথত টীয়কৰ বাদুলীপুখুৰী। চাৰিলেন নিৰ্মাণৰ নামত পুতি পেলোৱা হ’ব জয়ধ্বজ সিংহৰ ৰাজত্বকালতে খন্দা ঐতিহাসিক পুখুৰীটো।

তিনিপুৰা মাটিত লাচিত বৰফুকনৰ ককায়েক বাদুলী ফুকনে চেউনী আলিৰ সমীপত খন্দোৱা পুখুৰীটো পুতি পেলাবৰ বাবে সাজু হৈছে | এই ঐতিহাসিক পুখুৰীটো পুতি পেলোৱাৰ পিছত বুৰঞ্জীৰ এটা পৃষ্ঠা নাইকীয়া হৈ পৰিব আমাৰ মাজৰ পৰা |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply