গুৱাহাটী – পুনৰ বিতৰ্কত টুইটাৰ। এইবাৰ খোদ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰ’ফাইল পিকচাৰ ‘লক’ কৰি দিলে টুইটাৰে। যাক লৈ স্বাভাৱিকতে চৰ্চা আৰম্ভ হৈছে নেটিজেনৰ মাজত। অৱশ্যে ব্যাপক চৰ্চাৰ পিছত কিছুসময় পূকৰ্বে গৃহমন্ত্ৰীৰ প্ৰ’ফাইল ফটোখন আনলক কৰি দিছে টুইটাৰ কৰ্তৃপক্ষই। কিন্তু কিয় লক কৰা হৈছিল অমিত শ্বাহৰ ফটো? তাক লৈয়েই এতিয়া ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে।

বৃহস্পতিবাৰৰ নিশা হঠাৎ টুইটাৰৰ পৰা উধাও হৈ যায় অমিত শ্বাহৰ প্ৰ’ফাইল পিকচাৰ। কভাৰ ফটো যথাস্থানত থাকিলেও প্ৰ’ফাইল ছবিখন দেখা যোৱা নাছিল। তাৰ পৰিৱৰ্তে প্ৰ’ফাইল ছবিৰ স্থানত লিখা আছিল, ‘‌এই ছবিখন কপিৰাইট হোল্ডাৰৰ দাবী মানি আঁতৰাই দিয়া হৈছে।’‌ খোদ গৃহমন্ত্ৰীৰ ছবিত কপিৰাইটৰ দাবী! বেছ অস্বস্তিত পৰে বিজেপি। অৱশ্যে কিছুসময় পিছতেই অমিত শ্বাহৰ প্ৰ’ফাইল ছবিখন যথাস্থানত দেখা যায়। এই প্ৰসঙ্গত টুইটাৰৰ বক্তব্য, ‘‌আমাৰ কপিৰাইট পলিচীৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰ’ফাইল ফটোখন সাময়িকভাৱে বন্ধ কৰি ৰখা হৈছিল। এয়া এক অনিচ্ছাকৃত ভুল। যিটো ইতিমধ্যেই শুধৰোৱা হৈছে। এতিয়া এই প্ৰোফাইলটো সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ উঠিছে।’‌

টুইটাৰৰ কপিৰাইট পলিচী অনুযায়ী, কোনো ছবিৰ ওপৰত একমাত্ৰ যিয়ে ছবিখন তুলিছে তেওঁৰেই অধিকাৰ থাকে। অমিত শ্বাহৰ সেই ছবিখনত কোনোৱে কপিৰাইট দাবী কৰিছিল বাবেই এই সমস্যা হৈছে বুলি দাবী কৰে কৰ্তৃপক্ষই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply