মৰিগাঁও – মৰিগাঁৱৰ গিৰিধৰ পাটৰ সমন্বয় ক্ষেত্ৰত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮ তম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।অসমৰ অনুসূচীত জনজাতিসমূহৰ উত্তৰণৰ দিশত সংঘৰ সমৰ্পিত প্ৰচেষ্টাৰ মুখ্যমন্ত্ৰীয়ে শলাগ লয় আৰু নতুন প্ৰজন্মক শিক্ষা, সংস্কৃতি, ক্ৰীড়া তথা অন্যান্য দিশত আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগাবলৈ আহ্বান জনায়।
সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পথ প্ৰদৰ্শনেৰে ৰাজ্য চৰকাৰে জনজাতিসমূহক প্ৰাপ্য অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ লগতে আৰ্থ-সামাজিক উন্নয়নৰ দিশত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ভূমিহীন খিলঞ্জীয়া পৰিয়ালসমূহক সুৰক্ষিত কৰাৰ বাবে আমি মাটিৰ পট্টা প্ৰদান কৰিছোঁ বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ভূমি অধিকাৰ বিচাৰি বিগত এমাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা লাইকা-দধিয়াৰ খিলঞ্জীয়া লোকসকলৰ পুনৰ সংস্থাপনৰ দিশত চৰকাৰখনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১,৩০০ পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা ১ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব বুলিও মৰিগাঁৱত ঘোষণা কৰে।