ট্ৰাম্প-মোদীৰ বন্ধুত্ব !nবিদায় ক্ষণতো ভাৰতীয়ৰ প্ৰতি ক্ষোভ

নিউজ ডেক্স:- হোৱাইট হাউছ এৰিবলৈ দিন চমু চাপি অহাৰ সময়তো ভাৰতীয়ৰ ক্ষেত্ৰত ক্ষোভ কমা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ।

ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হবলৈ কিছুদিন হাতত থকা সময়তো ট্ৰাম্প প্ৰশাসনে H-1B ভিছাকে ধৰি বিদেশী নিযুক্তি প্ৰাৰ্থীসকলৰ ভিছা তথা গ্ৰীণ কাৰ্ডৰ অনুমোদন বন্ধৰ ম্যাদ অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে এই ম্যাদ বিগত বছৰৰ ৩১ ডিচেম্বৰলৈকে আছিল।

কৰোনা ভাইৰাছৰ সংক্ৰমণজনিত পৰিস্থিতিৰ মাজতে ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ নাগৰিকসকলৰ চাকৰিৰ সুৰক্ষা বাবে যোৱা বৰ্ষৰ এপ্ৰিল আৰু জুনত দুখন ঘোষণা পত্ৰ জাৰি কৰি এই বাধা-নিষেধ আৰোপ কৰিছিল।

এখন নতুন ঘোষণা পত্ৰৰ জৰিয়তে ট্ৰাম্পে H-1B ভিছাকে ধৰি বিদেশী নিযুক্তি প্ৰাৰ্থীসকলৰ ভিছা অনুমোদন বন্ধৰ ম্যাদ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে । এই ম্যাদ বৃদ্ধিৰ ফলত বিশেষকৈ ভাৰতীয় তথ্য প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত সকলে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। ট্ৰাম্প প্ৰশাসনৰ নতুন সিদ্ধান্তৰ ফলত H-1B ভিছাৰ ভাৰতীয় তথ্য প্ৰযুক্তিৰ কৰ্মীসকলে আকৌ কেইবামাহো অপেক্ষা কৰিবলগীয়া হ’ব পাৰে।

সেইদৰে H-1B ভিছাৰ পুণৰ নবীকৰণৰ বাবে চেষ্টা কৰাসকলো ক্ষতিগ্ৰস্ত হ’ব।ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকান সকলৰ বাবেই প্ৰথম’ নীতিৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হোৱাৰ পৰিকল্পনা কৰিছিল যদিও সেই কাৰ্যক আমেৰিকানসকলে বিশেষ সহাৰী নিদিলে যাৰ বাবে বহু আশা আৰু আত্মবিশ্বাসৰ পিছতো জয়ৰ মুখ নেদেখিলে ৰাষ্ট্ৰপতি ট্ৰাম্প |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply