ডনাল্ড ট্ৰাম্প

নিউজ ডেক্স: নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতো ডনাল্ড ট্ৰাম্পৰ সমৰ্থকৰ কাৰ্যই আমেৰিকাত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে । সমৰ্থক সকলে মানি লব পৰা নাই জ’ বাইদেনৰ জয় |

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলক লৈ ৰাজনীতি অব্যাহত আছে। বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জ’ বাইডেনৰ হাতত নিজৰ পৰাজয় মানি নোলোৱাৰ লগতে নিৰ্বাচনত বেমেজালি হোৱাৰ অভিযোগ কৰি অস্থিৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে | সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকে প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰি আছে ট্ৰাম্পে। ট্ৰাম্পৰ এই কাণ্ডত অতিষ্ঠ হৈ টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামে ল’ব লগা হৈছে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাইক্ৰ’ ব্লগিং প্লেটফ’ৰ্ম টুইটাৰে ট্ৰাম্পৰ একাউণ্ট ১২ ঘণ্টাৰ কাৰণে বাতিল কৰে।

টুইটাৰত ট্ৰাম্পৰ একাউণ্ট ১২ ঘণ্টাৰ কাৰণে বাতিল

ৱাশ্বিংটনৰ শেহতীয়া খবৰ মতে মাৰ্কিন ৰাজধানীত ট্ৰাম্পপন্থীৰ হিংসাত্মক কাণ্ডৰ ফলত চাৰিজনৰ মৃত্যু হৈছে। পৰিস্থিতি বেয়ালৈ ঢাল খোৱা দেখি ৱাশ্বিংটন ডিচিৰ মেয়ৰ মুৰিয়েল বউজাৰে ১৫দিনৰ জৰুৰী অৱস্থা জাৰি কৰিছে।

এফালৰ পৰা সংসদ ভৱন ক্ষতি কৰিবলৈ উদ্যত হৈছে ট্ৰাম সমৰ্থকৰ । গভৰ্নৰ হাউচতো আক্ৰমণ। নতুন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ৰাষ্ট্ৰপতি পদৰ অভিষেক পৰ্যন্ত সামৰিক পৰ্যৱেক্ষণৰ অধীনত থাকিব মাৰ্কিন ৰাজধানী। বুধবাৰে লণ্ডভণ্ড কৰিছে মাৰ্কিন হাউচ অৱ ৰিপ্ৰেজেনটেটিভৰ স্পীকাৰ নেন্সি পোলেচিৰ অফিচো |

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সমৰ্থকৰ নতুন ৰাষ্ট্ৰপতিৰ দায়িত্বৰ দিন চমু চাপি অহাৰ সময়তে দেশখনক অস্থিৰ কৰাৰ ষড়যন্ত্ৰই দেশ খনৰ জনতাকো চিন্তিত কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply