চতিয়া – ট্ৰেংকুলাইজ হ’ল চতিয়াৰ গঁড়। বন বিভাগে সফলতাৰে ট্ৰেংকুলাইজ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টোক। বিগত তিনি দিন ধৰি গঁড়টোৱে সন্ত্ৰাস চলাই আহিছিল চতিয়াৰ বিভিন্ন অঞ্চলত। গঁড়টোক খেদি পঠিয়াবলৈ বন বিভাগে গুলীচালনা কৰাৰ সময়ত আহত হৈছিল এজন লোক।

তিনি দিনীয়া প্ৰচেষ্টাৰ অন্তত সফলতা লাভ কৰিলে বন বিভাগে। অৱশেষত সফলতাৰে বন বিভাগে ট্ৰেংকুলাইজ কৰিলে চতিয়াত সন্ত্ৰাসৰ সৃষ্টি কৰা গঁড়টো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি চতিয়াত আশ্ৰয় গ্ৰহণ কৰিছিল গঁড়টো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ে বিগত তিনি দিন ধৰি মুক্ত বিচৰণ কৰি বিশ্বনাথ জিলাৰ চতিয়া সমষ্টিৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই আহিছিল।

বিগত তিনি দিন ধৰি গঁড়টোৱে চতিয়াৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই থকাত ৰাইজ আতংকিত হৈ পৰিছিল। সোমবাৰে টৌভঙাৰ বামুনীপামত আশ্ৰয় লৈ থকা গঁড়টোক খেদি পঠাবলৈ বন বিভাগৰ লোকে অভিযান চলাই গুলী চালনা কৰিবলৈ বাধ্য হৈছিল। বন কর্মীৰ গুলীত আহত হৈছিল ইটাভাটাৰ এজন কৰ্মচাৰী। গঁড়টোক খেদি পঠিয়াবলৈ বন কৰ্মীয়ে গুলী চালনা কৰাত গুলী লক্ষ্যভ্ৰস্ত হৈ ঋষি শিবাই নামৰ এজন ইটাভাটাৰ কৰ্মচাৰীৰ গাত লাগে।

ইটাভাটাৰ কৰ্মচাৰীজনৰ হাতত বন বিভাগৰ বন্দুকৰ গুলী লগাত ইটাভাটাৰ কৰ্মচাৰীজনৰ গুৰুত্বৰভাৱে আহত হয়। বন বিভাগৰ বন্দুকৰ গুলীত আহত হোৱা ইটাভাটাৰ কৰ্মচাৰীজনক ততাতৈয়াকৈ উত্তৰ জামুগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে আহত ইটাভাটাৰ কৰ্মচাৰীজনক তেজপুৰলৈ প্ৰেৰণ কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টোৱে চতিয়াৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই দেওবাৰে নিশা টোভঙাৰ বামুনীপামত আশ্ৰয় লয় গঁড়টোৱে। বন বিভাগৰ লোকে হাতীৰ সহায়ত গঁড়টোক খেদি পঠিয়াবলৈ অভিযান চলাই অৱশেষত গঁড়টোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়। গঁড়টোক অসম ৰাজ্যিক চিৰিয়াখানালৈ নিয়া হ’ব বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply