দুয়োগৰাকী লোকক জ্বলাই দিয়া ঠাইটুকুৰা

ডকমকা – পুনৰ কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হ’ল নৃশংস কাণ্ড৷ডকমকা থানাৰ অন্তৰ্গত লাংহিনৰ ৰহিমাপুৰত ডাইনীৰ সন্দেহত দুজন লোকক গাঁৱৰে একাংশ উন্মত্ত লোকে নৃশংসভাৱে হত্যা কৰে৷অন্ধবিশ্বাসত পোত গৈ গাঁওবাসীয়ে ইমানতে ক্ষান্ত নাথাকি দুয়োটা মৃতদেহৰ শিৰচ্ছেদ কৰি মৃতদেহ দুটা এখন নদী পাৰ কৰি চোঁচৰাই নি এটা পাহাৰৰ ওপৰত দাহ কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে,”গাঁওখনৰ এগৰাকী যুৱতী বিগত কিছুদিন ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ থকাৰ পিছত মৃত্যু হয়।বুধবাৰে যুৱতীগৰাকীৰ তিনিদিনীয়া সামাজিক ক্ৰিয়া কৰ্ম অনুষ্ঠিত হৈ থকা অৱস্থাতে গাঁওখনৰে আন এগৰাকী যুৱতীয়ে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে।

যুৱতীগৰাকীৰ দেহত দেও লগা বুলি গাঁওবাসীয়ে ধাৰণা কৰে৷ উক্ত যুৱতীগৰাকীয়ে ওচৰৰে ৰমাৱতী হালোৱা নামৰ মহিলাগৰাকীক ডাইনী বুলি অভিযোগ কৰে৷ইয়াৰ পিছতে গাঁওখনৰ একাংশ উন্মত্ত যুৱকে ৰমাৱতী হালোৱাক মাৰধৰ কৰি নৃশংসভাৱে হত্যা কৰে৷গাঁওবাসীৰ এনে কাম-কাজত বাধা প্ৰদান কৰা গাঁওখনৰে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিজয় গৌড় নামৰ যুৱকজনকো উন্মত্ত জনতাই কোবাই কোবাই হত্যা কৰে।”

উল্লেখযোগ্য যে,উন্মাদ লোকসকলে মহিলাগৰাকীৰ কিশোৰী কন্যাকো হত্যাৰ চেষ্টা চলাই যদিও কিশোৰীগৰাকী নিশাটো ধাননিৰ মাজত লুকাই থাকি কোনোমতে প্ৰাণ ৰক্ষা কৰে৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত সম্প্ৰতি জোনালী গৌড়,কাজল গৌড়, ভূজেল গৌড়, সীতাৰাম গৌড়, ৰবিলাল গৌড়, কৃষ্ণ গৌড়, ৰাজেন গৌড়, ৰামসিং গৌড় আৰু সঞ্জু গৌড়ক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ডকমকা থানাত সোধ-পোছ অব্যাহত ৰাখিছে।পৰৱৰ্তী পৰ্যায়ত আন বহুকেইজন লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply