ডবকাত জব্দ ১৩০০ লিটাৰ নীলা কেৰাচিন Credit: যোগান বিভাগে অভিযান চলাই বৃহৎ পৰিমানৰ নীলা কেৰচিন জব্দ কৰে

হোজাই – ডবকাত যোগান বিভাগৰ অভিযান। অভিযানত জব্দ ১৩০০ লিটাৰ নীলা কেৰচিন। অবৈধভাৱে জমা কৰি ৰখা কেৰাচিনখিনি যোগান বিভাগে সুলভ মূল্যৰ এজেন্ট আনোৱাৰ হুছেইনৰ জিম্মাত দিয়ে৷ যোগান বিভাগে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

হোজাই জিলাৰ ডবকা চহৰত শুকুৰবাৰে নিশা যোগান বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ নীলা কেৰচিন জব্দ কৰে৷ এক গোপন সূত্ৰৰ পম খেদি হোজাই জিলা যোগান পৰিদৰ্শক মনোজ বৰা আৰু ডবকা ৰাজহ চক্ৰ বিষয়া ডাঃ টিংকুমনি বৰাই ডবকা চহৰৰ ১ নং ৱাৰ্ডৰ এটি পৰিতক্ত গুদাম ঘৰত অভিযান চলাই গুদাম ঘৰটোৰ পৰা ১৩০০ লিটাৰ নীলা কেৰাচিন জব্দ কৰিবলৈ সক্ষম হয়৷

জব্দ কৰা কেৰাচিন তেলখিনি পিছত যোগান বিভাগে সুলভ মূল্যৰ এজেন্ট আনোৱাৰ হুছেইনৰ জিম্মাত দিয়ে৷ কেৰাচিন তেলখিনি জনৈক উত্তম, কমল আৰু ইছনৰ বুলি জানিব পৰা গৈছে৷ এই চক্ৰটোৱে বিভিন্ন স্থানৰন পৰা অবৈধ প্ৰক্ৰিয়াৰে কেৰাচিন আনি জিলাখনৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছে৷

যোগান বিভাগে জব্দ কৰা কেৰাচিন তেলখিনিৰ কোনো ধৰনৰ বৈধ নথি পত্ৰ পোৱা নাই বুলি যোগান পৰিদৰ্শক গৰাকীয়ে জানিবলৈ দিয়ে৷ ইতিমধ্যে জব্দ কৰা তেলখিনি সন্দৰ্ভত যোগান বিভাগে তদন্ত আৰম্ভ কৰিছে৷ আন এক অভিযোগ অনুসৰি এটি দুষ্ট চক্ৰই এনেদৰে বিভিন্ন ঠাইৰ পৰা কেৰাচিন তেল আনি তাত ৰাসায়নিক পদাৰ্থ মিশ্ৰণ কৰি ডিজেললৈ ৰূপান্তৰ কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply