ডবকা: হোজাই জিলাৰ বিন্নাকান্দি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত খালি হৈ থকা কৰ্মী সহায়িকাৰ পদ সমূহৰ বাবে যোৱা ১৭ ফেব্ৰুৱাৰী তাৰিখে ডবকা স্থিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মী সহায়িকা সকলৰ সাক্ষাৎকাৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে।
সহায়িকা সকলৰ সাক্ষাৎকাৰত চাৰ্বে অঞ্চলৰ বাহিৰৰ প্ৰাৰ্থীয়ে সাক্ষাৎকাৰত অংশ লোৱাৰ অভিযোগ একাংশ ৰাইজৰ | কৰ্মী পদৰ বাবে দ্বাদশ শ্ৰেণী উত্তীর্ণ প্ৰাৰ্থী হব লাগে কিন্ত দশম শ্ৰেণী উত্তীর্ণ প্ৰাৰ্থীয়ে কৰ্মী পদৰ বাবে সাক্ষাৎকাৰ দিয়াৰো ভয়ংকৰ অভিযোগ উত্থাপন হৈছে।
প্ৰাৰ্থী বাছনি ক্ষেত্রত সৰ্বোচ্চ নম্বৰৰ ভিত্তিত প্ৰাৰ্থী বাচনি কৰা হব বুলি দিনেশ দাস নামৰ বিভাগীয় বিষয়া জনে জানিব দিয়ে যদিও সাক্ষাৎকাৰৰ সম্পূৰ্ণ প্ৰক্ৰিয়াত গভীৰ ষড়যন্ত্র হোৱাৰ অভিযোগ ৰাইজৰ। উল্লেখ্য যে এই একে অনিয়মৰ কাৰণে যোৱা ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰ বাতিল কৰিব লগীয়া হৈছিল। এই একে অনিয়ম এইবাৰো সংগঠিত হোৱাৰ বাবে জাঙ্গুৰ খাই উঠিছে বিভিন্ন দল সংগঠন।