ডবকাত সমাজ কল্যাণ বিভাগৰ খালী পদ পুৰণত ব্যাপক অনিয়মৰ অভিযোগ

ডবকা- হোজাইত জিলাৰ ডবকাৰ সমাজ কল্যাণ বিভাগৰ খালী পদ পুৰণ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ। হোজাই জিলাৰ ডবকা বিন্নাকান্দি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অংগনাৱাড়ী কৰ্মী আৰু সহায়িকা পদৰ নিযুক্তিত ব্যাপক খেলিমেলি আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে ।

১৩ টা কেন্দ্ৰৰ খালি হোৱা কৰ্মী সহায়িকা পদত সাক্ষাৎকাৰ লোৱাৰ ক্ষেত্ৰত খেলিমেলিৰ অভিযোগ।কোনো বিজ্ঞাপন নিদিয়াকৈ গোপনীয় ভাবে সাক্ষাৎকাৰৰ অনুষ্ঠিত কৰাৰ অভিযোগ । কৰ্তৃপক্ষই মাথো কাৰ্য্যলয়ত জাননী ওলোমাই দায়িত্ব সামৰিছে। এই ক্ষেত্ৰত বৃহৎ লেনদেনৰো অভিযোগ বিজেপি নেতা জয়ভদ্ৰ মেচৰ ।

সাক্ষাৎকাৰৰ নামত
লেনদেনৰো অভিযোগ বিজেপি নেতা জয়ভদ্ৰ মেচৰ

এইবাৰ এই সাক্ষাৎকাৰৰ পৰা বহু প্ৰাৰ্থীৰ আবেদন কিয় নাকচ কৰা হ’ল তাৰো উত্তৰ নাই বিভাগৰ । বিগত বহু বছৰৰ পৰা কাৰ্যালয়ত নাই শিশু সংহত প্ৰকল্প বিষয়া গৰাকী |দীৰ্ঘকাল ধৰি ভাৰপ্ৰাপ্ত বিষয়াৰে চলিছে কাৰ্যালয়টো । বিষয়াবিহীন ভাবে চলা কাৰ্যালয়টোত অবাধ গতিত চলি থকা দুৰ্নীতি অন্ত কেতিয়া হ’ব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply