ডবকা: একাদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষ্যে ২৫ জানুৱাৰী দিনটো দেশৰ অন্য প্ৰান্তৰ লগতে হোজাই জিলাৰ ডবকাতো পালন কৰা হয় | ভোটাৰ তালিকাত নতুন কৈ নাম সংযোজন হোৱা ভোটাৰ সকলক উৎসাহিত কৰিবলৈ হোজাই জিলা নিৰ্বাচন আয়োগৰ সৌজন্যত এক শোভাযাত্ৰা উলিওৱা হয়।
ডবকা ষ্টেট বেংকৰ সন্মূখৰ পৰা শতাধিক মহিলাই হাতত প্লে-কাৰ্ড লৈ ভোটাৰসকলক সজাগতাৰ বাবে শ্ল-গান দি ডবকা গড়কাপ্তানী পৰিদৰ্শন ভৱনৰ সন্মূখত আহি উপস্থিত হয়। উক্ত সজাগতা অনুষ্ঠানত উপস্থিত থাকে ডবকা ৰাজহ চক্র বিষয়া টিংকুমণি বৰা আৰু ডবকা পৌৰ সভাৰ কেইবাজনো বিষয়ববীয়াই।