মাতৃক হত্যা কৰিলে পুত্ৰই

হোজাই – হোজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হোজাই জিলাৰ ডবকাৰ হালদিআটিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ মাতৃক হত্যা কৰিলে পুত্ৰই৷ পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক৷

দেওবাৰ সন্ধিয়া প্ৰায় ৭ বজাত হোজাই জিলাৰ ডবকাৰ অন্তর্গত হালদিআটিত হাৰেছ আলী নামৰ এজন যুৱকে নিজ মাতৃ হাসনা বানুক দাৰে ঘপিয়াই হত্যা কৰে৷ মাতৃয়ে হাৰেছ আলীক খঙতে তেওঁৰ পুত্ৰ নহয় বুলি কোৱাৰ বাবেই পুত্ৰই হত্যা কৰিলে মাতৃক।

সাধাৰণ এক কথাতে মাতৃক হত্যা কৰি হাৰেছ আলী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত হালদিআটী আৰক্ষীয়ে খেদি খেদি আটক কৰে হাৰেছ আলীক৷ হাৰেছ আলী মানসিকভাৱে বিকাৰগ্ৰস্থ বুলিও জানিব পৰা গৈছে৷

ঘটনাস্থলীত হালদিআটী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি চিকিৎসলায়লৈ প্ৰেৰণ কৰে। এগৰাকী পুত্ৰৰ দাৰ আক্ৰমণত মাতৃৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply