যোৰহাট – ডাঃ সঞ্জীৱ কাকতীক অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ (এ এম চি এইচ) নতুন অধ্যক্ষ তথা মুখ্য অধীক্ষকৰ দায়িত্ব অর্পণ কৰা হৈছে৷ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা স্বাক্ষৰিত এটা নির্দেশযোগে এ এম চি এইচৰ মেডিচিন বিভাগৰ অধ্যাপক, বিশিষ্ট চিকিৎসকগৰাকীক ঐতিহ্যমণ্ডিত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকৰূপে নিযুক্তি দিয়ে৷

বর্তমানএ এম চি এইচৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকৰ দায়িত্বত থকা ডাঃ হিৰণ্য কুমাৰ গোস্বামীক একে নির্দেশযোগে উক্ত অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দি মনোচিকিৎসা বিভাগৰ অধ্যাপকৰ দায়িত্ব গ্রহণ কৰিবলৈ কোৱা হৈছে৷ সেইদৰে, আন এক নিদের্শনাযোগে ডিফু মেডিকেল কলেজৰ মেডিচিন বিভাগৰ সহকাৰী অধ্যাপক ডাঃ প্রশান্ত দিহিংগীয়াক অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ নতুন অধীক্ষকৰ দায়িত্ব দিয়া হৈছে৷

আনহাতে, বর্তমানৰ অধীক্ষক তথা এনাটমি বিভাগৰ সহকাৰী অধ্যাপক ইন্দ্র কুমাৰ চুতীয়াক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেললৈ বদলি কৰা হৈছে৷ যোৱা ২১ নৱেম্বৰত জাৰি কৰা এই নিদের্শনা তৎকালীনভাৱে কার্যকৰী কৰিবলৈ কোৱা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply